চুবুৰীয়া ভূটানৰ কমলাৰে ভৰি পৰিছে বাক্সাৰ বজাৰ - ভূটানৰ কমলা
🎬 Watch Now: Feature Video
Published : Dec 29, 2023, 8:36 PM IST
বাক্সা, ২৯ ডিচেম্বৰ : শীতকালৰ লগেলগে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ ৰসাল কমলাৰে ভৰি পৰিছে সীমান্তৰ বজাৰ । তাৰ সমান্তৰালকৈ বাক্সাৰ বিভিন্ন বজাৰত উভেনদী হৈছে ভূটানৰ কমলা । বাক্সাৰ বিভিন্ন প্ৰান্তৰ বজাৰত উপলব্ধ হৈছে ভূটানৰ পৰা ৰপ্তানি কৰা কমলা ।
প্ৰতিবছৰে অসমৰ বিভিন্ন প্ৰান্তৰ বজাৰলৈ আহে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ কমলা । বাক্সাৰ বৰমাতো উভেনদী হৈছে ভূটানৰ কমলা । বজাৰত কমলা ক্ৰয় কৰিবলৈ গ্ৰাহকেও হেতাওপৰা কৰিছে । অসমৰ উপৰিও ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে বাংলাদেশ আৰু অন্য বহু দেশলৈ পূৰ্বৰে পৰা ৰপ্তানি হৈ আহিছে ভূটানৰ কমলা টেঙা ।
আন্তঃৰাষ্ট্ৰীয় বজাৰত ভূটানৰ কমলাৰ আছে এক সুকীয়া স্থান । যাৰ বাবে এই কমলাৰ সোৱাদ ল'বলৈ বৰমাৰ বজাৰত ভিৰ কৰিছে বহু গ্ৰাহকে । কিছু দামবৃদ্ধি হ'লেও ভূটানৰ ৰসাল কমলা ক্ৰয় কৰিছে গ্ৰাহকে ।
লগতে পঢ়ক: বড়োলেণ্ডৰ সাংবাদিকৰ বাবে নিৰ্মাণ হ'ব আদৰ্শ কাৰ্যালয়: প্ৰমোদ বড়ো