thumbnail

By

Published : Jun 9, 2023, 6:23 PM IST

ETV Bharat / Videos

ABSU protest in Chirang: শীঘ্ৰে মাতৃভাষাত প্ৰণয়ন কৰক গণিত-বিজ্ঞানৰ পাঠ্যপুথি- এবছু

বাক্সা, 9 জুন: অসম চৰকাৰৰ মাতৃভাষা বিৰোধী স্থিতিৰ বাবে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে দল-সংগঠনে (ABSU protest in Baksa) ৷ বড়ো মাধ্যমৰ বিদ্যলয়সমূহত বড়ো ভাষাৰ বিপৰীতে ষষ্ঠ শ্ৰেণীৰ গণিত আৰু বিজ্ঞান বিষয়ৰ পাঠ্যপুথি ইংৰাজী ভাষা কৰাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে দল-সংগঠনসমূহ ৷ বাক্সাৰ বৰমাতো বৰমা শাখা সাহিত্য সভা আৰু বৰমা আঞ্চলিক এবছুৰ উদ্যোগত চৰকাৰৰ মাতৃভাষা বিৰোধী নীতিৰ বিৰুদ্ধে ক’লা বেজ পৰিধান কৰি প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে (Baksa ABSU protest for medium) ৷ ষষ্ঠ শ্ৰেণীৰ গণিত আৰু বিজ্ঞান বিষয়ৰ পাঠ্যপুথি ইংৰাজী ভাষাৰ পৰা মাতৃভাষা লৈ শীঘ্ৰে ছপা কৰিবলৈ দাবী দুই জাতীয় সংগঠনৰ ৷ ইফালে 15 জুনত ৰাজ্যজুৰি 2 ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী পালন কৰিব বুলিও হুংকাৰ দিয়ে দুই সংগঠনে (NEP2020)৷ চৰকাৰে যদিহে হঠকাৰী সিদ্ধান্ত বাতিল নকৰে তেতিয়া হ’লে আগন্তুক দিনত বড়ো সাহিত্য সভা আৰু এবছুৱে যৌথ ভাবে আন্দোলন কৰি যাব বুলিও মন্তব্য কৰে বৰমা শাখা সাহিত্য সভাৰ সভাপতি গৰাকীয়ে ৷ 

লগতে পঢ়ক: Sensational incident in Guwahati: মহানগৰীত ৰেগিঙত বাধা দিয়া অভিভাৱকক প্ৰহাৰ গুৰুকুল গ্ৰামাৰ স্কুলৰ ছাত্ৰৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.