thumbnail

By

Published : Jul 9, 2023, 10:55 PM IST

ETV Bharat / Videos

Bajrang Dal: জেহাদী, গো-সৰবৰাহকাৰীক সাৱধান বাণী বজৰং দলৰ; তিনিচুকীয়াত যুৱ সংস্কাৰ শিৱিৰ

তিনিচুকীয়া, ৯ জুলাই: বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত তিনিচুকীয়া চহৰৰ বৰপথাৰস্থিত পৰমানন্দ বিদ্যা মন্দিৰত চাৰিদিনীয়াকৈ আয়োজন কৰে এক যুৱ সংস্কাৰ শিৱিৰৰ ৷ চাৰিদিনীয়াকৈ আয়োজন কৰা যুৱ সংস্কাৰ শিৱিৰত তিনিচুকীয়া জিলাৰ ১৫০ যুৱকক প্ৰশিক্ষণ প্ৰদান কৰে ৷ গুৱাহাটীৰ পৰা যোৱা বিশেষ প্ৰশিক্ষকৰ জৰিয়তে শাৰীৰিক, বৌদ্ধিক আৰু মানসিক উৎকৰ্ষ সাধনৰ কাৰণে প্ৰশিক্ষণ প্ৰদান কৰা হয় ১৫০ যুৱকক ৷

উক্ত প্ৰশিক্ষণস্থলীৰ পৰাই বিশ্ব হিন্দু পৰিষদ বজৰং দল তিনিচুকীয়া জিলা সমিতিয়ে জেহাদী আৰু গো-সৰবৰাহকাৰীলৈ সকীয়নি ৷ ‘‘সাৱধান জেহাদী, সাৱধান গো-সৰবৰাহকাৰী ৷ আহিছে প্ৰশিক্ষণ প্ৰাপ্ত 150 যুৱক ৷ হিন্দু সমাজক ৰক্ষাৰ বাবে যিকোনো পদক্ষেপ লম ৷ গতিকে এইসমূহ কাৰ্যৰ পৰা বিৰত থাকক, অন্যথা যিকোনো মূহুতত বজৰং দলৰ সৈনিকসকলৰ পৰা বিপদত পৰিব পাৰে ৷’’ এই সাৱধান বাণী বজৰং দলৰ তিনিচুকীয়া জিলা নেতৃত্বৰ ৷

লগতে পঢ়ক:oil smuggling in Assam :তিনিচুকীয়াত চোৰাং কণ্ডেনচেটসহ আটক দুই

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.