MLA Diganta Kalita slams Akhil Gogoi: অখিল গগৈক ফাঁকিবাজ আখ্যা দিগন্ত কলিতাৰ - অখিল গগৈয়ে থলুৱা মানুহক বিক্ৰী কৰি বিধায়ক হৈছে
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-17459370-thumbnail-3x2-tezp.jpg)
অখিল গগৈ এজন বিৰাট মিছলীয়া আৰু ফাঁকিবাজ । অখিল গগৈয়ে থলুৱা মানুহক বিক্ৰী কৰি বিধায়ক হৈছে(Sivasagar MLA Akhil Gogoi) । তেওঁ এতিয়া শিৱসাগৰতো কাম কৰিব পৰা নাই, সতীৰ্থসকলৰো কাম কৰিব পৰা নাই । এনেকুৱা ধুৰন্ধৰ ফাঁকিবাজ নেতাক অসমৰ ৰাইজে ভৱিষ্যতে বৰ্জন কৰিব(MLA Diganta Kalita slams Akhil Gogoi) । বাইহাটাত এই মন্তব্য কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাৰ । বাঘ হাজৰিকাৰ চৰিত্ৰ সম্পৰ্কে(Bagh Hazarika Controversy) মুখ্যমন্ত্ৰীয়ে কোৱা কথাৰ ওপৰত অখিল গগৈয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে অসমীয়া জাতিৰ মাজত বিভাজন আনিবলৈ চেষ্টা কৰা বুলি যি মত প্ৰকাশ কৰিছিল তাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এনেদৰে কয় বিধায়কগৰাকীয়ে । বাইহাটাত থকা বিধায়কগৰাকীৰ স্থায়ী কাৰ্যালয়ত আজি সমষ্টিটোৰ দিবাংগসকলৰ মাজত হুইল চেয়াৰ বিতৰণ কৰাৰ লগতে দুখীয়া কৃতি ছাত্ৰ-ছাত্ৰী আৰু কৰ্কট ৰোগীসকলৰ মাজত চেক বিতৰণ কৰা হয় ।
Last Updated : Feb 3, 2023, 8:38 PM IST