thumbnail

Badrinath Snowfall Video: প্ৰচণ্ড তুষাৰপাতে সোণত সুৱগা চৰাইছে বদ্ৰীনাথত

By

Published : Jan 21, 2023, 7:45 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

শীতৰ আগমনৰ লগে লগে বৰফৰ আচ্ছাদনে এতিয়া ছানি ধৰিছে উত্তৰাখণ্ডৰ পাহাৰীয়া অঞ্চল আৰু সু উচ্চ হিমালয় পৰ্বত ৷ বৰফৰ শুভ্ৰ দলিচাৰে আৱৰি ৰাখিছে ভাৰতৰ উত্তৰ দিশত অৱস্থিত উত্তৰাখণ্ডৰ উচ্চ হিমালয় পৰ্বত ৷ উত্তৰাখণ্ডৰ এই অপৰূপ দৃশ্যই এতিয়া প্ৰতিপল হাত বাউল মাতিছে সকলোকে ৷ 

হিমালয়ৰ সুউচ্চ শিখৰত অৱস্থিত বদ্ৰীনাথ মন্দিৰতো প্ৰচণ্ড তুষাৰপাত চলিছে । বৰফৰ চাদৰে যেন ঢাকি পেলাইছে বদ্ৰীনাথ মন্দিৰ (Badrinath Snowfall) ৷ বদ্ৰীনাথ মন্দিৰৰ চৌদিশে কেৱল বৰফ আৰু বৰফ ৷ চাৰিওফালে কেৱল সুখৰ জোৱাৰ ৷ বদ্ৰীনাথ মন্দিৰত বৰফ পৰা দৃশ্যই এতিয়া মোহাচ্ছন্ন কৰিছে সকলোকে ৷ যাৰ বাবে ধাম ৰূপৰ দৰে জিলিকি উঠিছে । বদ্ৰীনাথ ধামৰ চৌদিশে বৰফৰ এক ডাঠ তৰপ জমা হৈ পৰিছে । যাৰ ফলত প্ৰচণ্ড শীত বাঢ়িছে ৷  

উল্লেখ্য যে বদ্ৰীনাথ মন্দিৰ ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যৰ বদ্ৰীনাথ চহৰত অৱস্থিত এটা হিন্দু মন্দিৰ । এই মন্দিৰৰ আন এটা নাম বদ্ৰীনাৰায়ণ মন্দিৰ । ই হিন্দু দেৱতা বিষ্ণুৰ মন্দিৰ । বদ্ৰীনাথ চহৰ আৰু বদ্ৰীনাৰায়ণ মন্দিৰ ‘চাৰধাম’ আৰু ‘সৰু চাৰধাম’ নামেৰে জনাজাত ৷ তীৰ্থস্থানসমূহৰ ভিতৰত অন্যতম হৈছে বদ্ৰীনাথ মন্দিৰ । মন্দিৰটো প্ৰতি বছৰে এপ্ৰিলৰ শেষৰ পৰা নৱেম্বৰৰ আৰম্ভণিলৈকে ছমাহ ধৰি খোলা থাকে (Badrinath beauty increased after heavy snowfall)। ছমাহে দেশ-বিদেশৰ পৰা এই মন্দিৰলৈ আগমন ঘটে অলেখ তীৰ্থযাত্ৰীৰ ৷  

তীব্ৰ প্ৰতিকূল বতৰৰ বাবে এই মন্দিৰটো শীতকালত বন্ধ কৰি ৰখা হয় । উত্তৰাখণ্ডৰ চামোলি জিলাৰ গড়ৱাল পাহাৰৰ আলাকনন্দ নদীৰ পাৰত সমুদ্ৰপৃষ্ঠৰ পৰা ৩,১৩৩ মিটাৰ (১০,২৭৯ ফুট) উচ্চতাত অৱস্থিত এই মন্দিৰটো । ভাৰতৰ অন্যতম জনপ্ৰিয় তীৰ্থস্থান বদ্ৰীনাথ ।

ইফালে বদ্ৰীনাথ মন্দিৰৰ লগতে আউলীতো দেখা গৈছে প্ৰকৃতিৰ মনোমোহা দৃশ্য ৷ বৰফৰ চাদৰে ঢাকি পেলাইছে আউলী ৷ আউলিত ৪ ফুট পৰ্যন্ত বৰফ জমা হৈছে । আউলি 5-7 কিলোমিটাৰ জুৰি বিয়পি থকা এটা সৰু স্কি-ৰিজৰ্ট ।

এই ৰিজৰ্টটো 9,500-10,500 ফুট উচ্চতাত নিৰ্মাণ কৰা হৈছে । আউলীত বৰফৰে আবৃত শৃংগবোৰ অতি আটকধুনীয়া পৰিলক্ষিত হৈছে। সুনীল গাঁৱৰ সমীপৰ কোৱান বাডৰ সন্মুখৰ পথচোৱাত অত্যাধিক মাত্ৰাত বৰফ জমা হোৱাত জোছীমঠ আউলি মটৰৱে সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে । যদিও সেই স্থানৰ পৰা বৰফ আঁতৰোৱাৰ কাম চলি আছে ৷ মুঠৰ ওপৰত প্ৰকৃতিৰ এক মনোমোহা দৃশ্য পৰিলক্ষিত হৈছে আউলীত ৷

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.