Baby born in moving train : গোলাঘাটত চলন্ত ৰে'লতে জন্ম পালে এটি সন্তান

By

Published : Dec 23, 2022, 12:40 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail
জন্ম, মৃত্যু আৰু বিবাহ কেতিয়া, ক'ত হ'ব কোনেও নাজানে ! সেই কথা যেন পুনৰবাৰ প্ৰমাণ হ'ল । বেংগালুৰুৰ পৰা অসমৰ তিনিচুকীয়া অভিমুখী চলন্ত ৰে'লতে এইবাৰ সন্মান জন্ম দিলে এগৰাকী প্ৰসূতিয়ে (Woman gives birth to baby in moving train)। ৰবিনা ৰিম্পু নামৰ প্ৰসূতিগৰাকীয়ে স্বামী দীপকৰ সৈতে বেংগালুৰুৰ পৰা ৰে'লেৰে জাগুনৰ ঘৰলৈ গৈ আছিল । কিন্তু গোলাঘাটৰ ফৰকাটিং জংছনৰ সমীপতে চলন্ত ৰে'লতে ৰবিনা ৰিম্পুৱে এটি কন্যা সন্তান প্ৰসৱ কৰে (Baby born in moving train near Furkating station)। সন্তান প্ৰসৱৰ পাছতে স্বামী দীপকে ৰে'ল বিভাগক খবৰ দিয়ে । লগে লগে ফৰকাটিং জংছনৰ পৰা ৰে'ল বিভাগৰ সহযোগত প্ৰসূতি আৰু সন্তানটোক গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰা হয় । জানিব পৰা মতে মাতৃ আৰু শিশুটো বৰ্তমান সুস্থ । সমগ্ৰ ঘটনাটোক লৈ এতিয়া ফৰকাটিং অঞ্চলত ব্যাপক কৌতূহলে বিৰাজ কৰিছে ।
Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.