Ayushman Bhava Scheme: নলবাৰীত আয়ুষ্মান ভৱ কাৰ্যসূচীৰ অধীনত স্বাস্থ্য মেলা

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 2:19 PM IST

thumbnail

নলবাৰী,৬ অক্টোবৰ: নলবাৰীৰ বৰতলা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত স্বাস্থ্য মেলা আয়োজন। আয়ুষ্মান ভৱ কাৰ্যসূচীৰ অধীনত অনুষ্ঠিত হোৱা স্বাস্থ্য মেলাত অঞ্চলটোৰ ৰোগী সকলক স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়া ঔষধ বিতৰণ আৰু বিভিন্ন ৰোগৰ পৰীক্ষা কৰা হয় । আয়ুষ্মান ভাৰতৰ অধীনৰ এই কাৰ্যসূচীত স্বাস্থ্য মেলাৰ লগতে আয়ুষ্মান সভাৰ জৰিয়তে অঞ্চলটোৰ লোকসকলৰ মাজত আয়ুষ্মান কাৰ্ড বিতৰণ কৰা, আভা আই ডি সৃষ্টি কৰা, আৰু অঞ্চলটোৰ লোক সকলক স্বাস্থ্য বিষয়ক বিভিন্ন আঁচনি আৰু সেৱা সম্বন্ধীয় বিষয়ত সজাগ কৰাৰ প্ৰয়াস কৰে ।  

উক্ত কাৰ্যসূচীত উপস্থিত থাকে বৰতলা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰিচালনা সমিতিৰ সভাপতি যতীন বৰ্মন, নলবাৰী জিলা স্বাস্থ্য বিভাগৰ মিডিয়া এক্সপাৰ্ট পলাশ জ্যোতি বৰা, বৰতলা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডাঃ ময়ূৰী ৰহমান শইকীয়াৰ লগতে স্বাস্থ্য কেন্দ্ৰটোৰ স্বাস্থ্য কৰ্মী, আশা কৰ্মীসকল আৰু অঞ্চলটোৰ ৰাইজ ।

লগতে পঢ়ক: Negligence of electricity department: হস্তী কৰিডৰত উন্মুক্ত বৈদ্যুতিক তাঁৰে মাতিছে বিপদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.