ETV Bharat / state

কোনে অৰুণোদয়ৰ বাবে আবেদন কৰিব পাৰিব ? কোন হ’ব নোৱাৰিব ইয়াৰ হিতাধিকাৰী ? - Assam Orunodoi scheme - ASSAM ORUNODOI SCHEME

Orunodoi 3 scheme : ৩৭.২ লাখ হিতাধিকাৰীক সামৰি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে অৰুণোদয় ৩.০ । পিছে ৰাজ্যৰ সকলো লোকে অৰুণোদয় ৩.০ ৰ বাবে কৰিব নোৱাৰিব আৱেদন ৷ আপোনাৰ নামটো হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত হ’ব নে নাই সেই বিষয়ে জানিবলৈ পঢ়ক এই প্ৰতিবেদন...

Orunodoi 3 scheme
অৰুণোদয় ৩.০ (Orunodoi Official page)
author img

By ETV Bharat Assamese Team

Published : Sep 20, 2024, 11:19 AM IST

গুৱাহাটী, ২০ ছেপ্টেম্বৰ : বৃহস্পতিবাৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হৈছে অৰুণোদয় ৩.০ । দিশপুৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰে অৰুণোদয় ৩.০ ৰ । মুঠ ৩৭.২ লাখ হিতাধিকাৰীক সামৰি ল'ব এই আঁচনিয়ে । এই অৰুণোদয় ৩.০ ত ৰাজ্যৰ মুঠ ৩৭.৪০ লাখ মহিলা হিতাধিকাৰীক মাহিলী ৪৬৭ কোটি টকাকৈ হ’ব ৫৬০৪ কোটি টকা খৰচ হ’ব ।

স্বাভাৱিকতে সাধাৰণ জনতাৰ অনুসন্ধিৎসা কোনে কোনে পাব ৰেচন কাৰ্ডৰ সুবিধা ? কোনে কোনে নাপাব ৰেচন কাৰ্ড ? কোন কোন বিবেচিত হ’ব অৰুণোদয়ৰ বাবে ? কোন কোন অযোগ্য হ’ব এই আঁচনিৰ হিতাধিকাৰীৰ বাবে ৷ এই কথাও সংবাদমেলত ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

Orunodoi 3 scheme
অৰুণোদয় ৩.০ (Orunodoi Official page)
  • প্ৰতিখন ৰেচন কাৰ্ডৰ বিপৰীতে অৰুণোদয়ৰ সুবিধা লাভ কৰিব কোনে কোনে ? জানো আহক -

অৰুণোদয় আঁচনিত অন্তর্ভুক্তিৰ চৰ্তসমূহ :

  1. অৰুণোদয়ৰ হিতাধিকাৰী হোৱাৰ প্ৰাথমিক চৰ্ত হ’ল আবেদনকাৰী হ’ব লাগিব অসমৰ স্থায়ী বাসিন্দা ৷
  2. বৈধ আধাৰযুক্ত ৰেচন কাৰ্ডৰ অধিকাৰী হ’ব লাগিব আবেদনকাৰী ৷
  3. এটা পৰিয়ালৰ পৰা প্ৰাপ্তবয়স্ক মহিলা (১৮+ বছৰ) ৷
  4. বিধৱা, ৪৫ বছৰৰ উৰ্ধৰ অবিবাহিত মহিলা, বিবাহ বিচ্ছেদিত, অকলশৰীয়া মহিলাৰ লগতে তৃতীয় লিংগৰ ব্যক্তিয়ে আৱেদন কৰিব পাৰিব অৰুণোদয় আঁচনিত ।
  5. লিংগ নিৰ্বিশেষে দিব্যাংগ ব্যক্তিয়েও কৰিব পাৰিব আবেদন ।
  6. বৃদ্ধ বা দুৰ্বল মহিলাই আবেদন কৰিব পাৰিব ।
  7. ৬০ৰোৰ্ধ উপাৰ্জনকাৰী অংগক্ষত বা বৃদ্ধ হোৱা পৰিয়ালৰ মহিলা কৰিব পাহিব আবেদন ।
  8. ইয়াৰ উপৰি এইচ আই ভি, থেলাচেমিয়া, হেম'ফিলা, চেৰিৱেল পালছী, কুষ্ঠ ৰোগ বা অটিজম থকা মহিলায়ো আবেদন কৰিব পাৰিব অৰুণোদয় আঁচনিত ।
  9. আশ্ৰয়হীন, নিঃস্ব বা ভিক্ষাৰে জীৱন নিৰ্বাহ কৰা মহিলাও অৰুণোদয়ৰ হিতাধিকাৰী ৷
  10. অন্ত্যোদয়া অন্ন যোজনাৰ অন্তৰ্গত মহিলা হিতাধিকাৰীয়েও অৰুণোদয়ত কৰিব পাৰিব আৱেদন ।
  • কোন সকল লোকে কৰিব নোৱাৰিব আবেদন কৰিব ? অযোগ্য বিবেচিত হোৱাৰ চৰ্ত সমূহো ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে -
  1. সাংসদ, বিধায়ক, মুখ্য কার্যবাহী সদস্য, কার্যবাহী সদস্য বা তেওঁলোকৰ প্ৰাক্তন সমকক্ষসকলৰ পৰিয়ালে অৰুণোদয়ত আবেদন কৰিব নোৱাৰিব ।
  2. পঞ্চায়ত, নগৰীয়া স্থানীয় নিকায় আৰু স্বায়ত্তশাসিত পৰিষদৰ সদস্যসকল অৰুণোদয়ৰ হিতাধিকাৰী হ’ব নোৱাৰিব ।
  3. চিকিৎসক, অভিযন্তা, আৰ্কিটেক্ট, চার্টার্ড একাউন্টেন্ট, উকীল, বেংকাৰ, শিক্ষক, চৰকাৰী কৰ্মচাৰী বা পেঞ্চনাৰ আদিয়ে অৰুণোদয়ত আবেদন কৰিব নোৱাৰিব ।
  4. চৰকাৰী ঠিকাদাৰ, ৰিয়েল ইষ্টেট বিল্ডাৰ, উদ্যোগপতি, বাণিজ্য অনুজ্ঞাপত্ৰধাৰী, ব্যৱসায়ী আৰু আয়কৰ দাতা হ’ব নোৱাৰিব অৰুণোদয়ৰ হিতাধিকাৰী ৷
  5. মটৰচালিত চাৰিচকীয়া বাহন থকা পৰিয়ালৰ লোকেও আবেদন কৰিব নোৱাৰিব অৰুণোদয়ৰ বাবে ।
  6. ‘‘অৰুণোদয় প্লাছ’’ৰ দৰে একে ধৰণৰ নগদ আঁচনিৰ হিতাধিকাৰীয়েও আবেদন কৰিব নোৱাৰিব ।
  7. ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত সামগ্ৰিক ঘৰুৱা উপাৰ্জনৰ সীমা অতিক্ৰম কৰা পৰিয়াল যোগ্য বিবেচিত নহ’ব অৰুণোদয়ৰ বাবে ৷

লগতে পঢ়ক : ৰাজ্যত মুকলি অৰুণোদয় 3: আবেদনৰ পৰা ধন লাভলৈকে সকলো খৰচি মাৰি জানি লওক - Assam Orunodoi scheme

লগতে পঢ়ক : আৰম্ভ হ’ল অৰুণোদয় 3.0, কেনেকৈ কৰিব আবেদন ! জানি লওক - How to apply for Orunodoi Scheme

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.