awareness programme on to boost economic aspect: গ্ৰামাঞ্চলৰ ৰাইজক অৰ্থনৈতিকভাৱে আগুৱাই নিয়াৰ বাবে সজাগতা সভা

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 9:22 PM IST

thumbnail

ধেমাজি, 8 ছেপ্টেম্বৰ : ধেমাজি মাছখোৱাত ডাকঘৰৰ উদ্যোগত গ্ৰামাঞ্চলৰ ৰাইজক অৰ্থনৈতিকভাৱে আগুৱাই নিয়াৰ বাবে এখনি সজাগতা সভা অনুষ্ঠিত কৰা হয় ৷ নগৰৰ সমান্তৰালভাৱে গ্ৰামাঞ্চলৰ পিছপৰা অঞ্চলৰ জনসাধাৰণে যাতে ক্ষুদ্ৰ সঞ্চয় আৰু ডাকঘৰৰ জৰিয়তে চৰকাৰী অভিলাষী আচঁনিৰ সুফল লাভ কৰি অৰ্থনৈতিক দিশটোক টনকীয়াল কৰিব পাৰে, সেই উদ্দেশ্যৰে শুকুৰবাৰে ধেমাজি মাছখোৱাৰ দেওঘৰীয়াত ভাৰতীয় ডাকঘৰ ডিব্ৰুগড়ৰ সংমণ্ডলৰ অধীক্ষকৰ কাৰ্যালয়ৰ DCDP ৰ অধীনত আৰু স্থানীয় পঞ্চায়তৰ বিষয়ববীয়াৰ সহযোগত এখন বিশাল সজাগতা সভা অনুষ্ঠিত কৰা হয় ৷

উল্লেখ্য যে দেশত 1 লাখ 55 হাজাৰ ডাকঘৰ থকা সত্ত্বেও গ্ৰামাঞ্চলৰ জনসাধাৰণৰ মাজত ডাকঘৰৰ বিষয়ে সজাগতাৰ অভাৱ থকাৰ বাবে আৰ্থিক দিশটো নিশকতীয়া হৈ আছে বুলি অনুভৱ কৰিছে বিভাগে ৷ সেয়ে কেন্দ্ৰীয়, ৰাজ্য, জিলা আৰু পঞ্চায়ত পৰ্যায়ৰ সকলো চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ বিষয়ববীয়াক এই সজাগতা অনুষ্ঠানত সাঙুৰি লৈ গাঁৱে গাঁৱে অনুষ্ঠিত কৰিছে একোখনকৈ সভা ৷

লগতে পঢ়ক : Awareness program:ড্ৰাগছ আৰু বাল্যবিবাহৰ বিৰুদ্ধে সজাগতা সভা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.