thumbnail

By

Published : Feb 15, 2023, 7:39 PM IST

ETV Bharat / Videos

Street Play on child marriage: বাল্যবিবাহৰ বিৰুদ্ধে ৰঙিয়াত সজাগতামূলক বাটৰ নাট

ৰঙিয়া, ১৫ফেব্ৰুৱাৰী: ৰঙিয়াত আজি অৰ্থাৎ বুধবাৰে সংগীত গ্ৰুপ অৱ ক্ৰিয়েচনে সজাগতামূলক বাটৰ নাট প্ৰদৰ্শন কৰে (Street Play at Rangia) । বাল্যবিবাহৰ সন্দৰ্ভত জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যে এই সজাগতামূলক বাটৰ নাটখন প্ৰদৰ্শন কৰা হয় (Awareness programme on child marriage) । বোলছবি অভিনেতা তথা পৰিচালক পংকজ পল্লৱ শৰ্মাই পৰিচালনা কৰে নাটখন ৷

মুখ‍্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বাল‍্যবিবাহ বিৰোধী পদক্ষেপক সমৰ্থন জনাই সংগীত গ্ৰুপ অৱ ক্ৰিয়েচন আৰু সংগীত গ্ৰুপ অৱ ড্ৰামাই এই বাটৰ নাটখন প্ৰদৰ্শন কৰে । ৰঙিয়াৰ ঐতিহাসিক হৰদত্ত বীৰদত্ত ভৱনৰ সন্মুখত কলা-কুশলীসকলে প্ৰদৰ্শন কৰে নাটখন । নাটকখন ৰঙিয়াৰ শিল্পী পেঞ্চনাৰ নৰেন্দ্ৰ শৰ্মা, জ‍্যোতিৰ্ময় কলিতা, যাদৱ কলিতা, অঞ্জু কলিতা, সাধনা শৰ্মা প্ৰমুখ্যে কেইবাগৰাকী স্থানীয় শিল্পীয়ে অংশগ্ৰহণ কৰে ।

এই বাটৰ নাটকখনৰ জৰিয়তে অভিনেতাসকলে উপস্থিত ৰাইজক বাল‍্যবিবাহ বিৰোধী বাৰ্তা প্ৰেৰণ কৰিবলৈ চেষ্টা কৰে । অপৈণত বয়সত হোৱা বিবাহৰ ফলত বিশেষকৈ কিশোৰীৰ জীৱনত কেনেদৰে নেতিবাচক প্ৰভাৱ পাৰে, এই সম্পৰ্কে নাটকখনত সুন্দৰভাৱে তুলি ধৰিবলৈ চেষ্টা কৰে স্থানীয় শিল্পীসকলে ।

লগতে পঢ়ক: Assam action on child marriage: বাল্য বিবাহৰ গোচৰ সম্পৰ্কত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আৰক্ষীক কঠোৰ সমালোচনা

নাটকখন উপস্থাপনৰ ক্ষেত্ৰত ৰঙিয়া পৌৰসভাৰ উপ পৌৰপতি বিদ‍্যুত ডেকা, বিজেপিৰ উত্তৰ কামৰূপ জিলাৰ সভাপতি সুবল পালৰ লগতে ৰঙিয়া পৌৰসভাৰ অভিযন্তা বসন্ত ডেকা তথা ৰঙিয়া পৌৰসভাৰ কৰ্মচাৰীসকলে সহায় কৰে । নাটকখন উপভোগ কৰি দৰ্শক ৰাইজে কলা-কুশলীসকলৰ অভিনয়ৰ লগতে নাটখনৰ বিষয়বস্তুক প্ৰশংসা কৰে ।

উল্লেখ্য যে, অসমত বাল‍্যবিবাহৰ বিৰুদ্ধে চলা অভিযানে এতিয়া ৰাজ্যৰ লগতে সমগ্ৰ দেশতে ব্যাপক চৰ্চা লাভ কৰিছে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিচতেই অসম আৰক্ষীয়ে ৰাজ্যৰ প্ৰতিখন জিলাৰ পৰাই বাল্যবিবাহৰ লগত জড়িত থকা বেআইনী স্বামীকে ধৰি পৰিয়ালৰ লোক, পুৰোহিত, পূজাৰী, মৌলবী আৰু কাজিক আটক কৰিছে (Child marriage in Assam) ৷

অসম আৰক্ষীৰ এই পদক্ষেপ তথা মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক লৈ বিভিন্ন মহলত এই সন্দৰ্ভত ব্যাপক চৰ্চা চলিছে ৷ ইয়াৰ মাজতেই আজি মুখ‍্যমন্ত্ৰী শৰ্মাৰ বাল‍্যবিবাহ বিৰোধী পদক্ষেপক সমৰ্থন জনাই সংগীত গ্ৰুপ অৱ ক্ৰিয়েচন আৰু সংগীত গ্ৰুপ অৱ ড্ৰামাই এই বাটৰ নাটখন প্ৰদৰ্শন কৰে (Creating Awareness on the issue of Child marriage) । 

লগতে পঢ়ক: Child Marriage in Dhubri: বাল্যবিবাহৰ অভিযোগত জেললৈ প্ৰেৰণ কৰা তিনিজনৰ জামিন মঞ্জুৰ

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.