Millet Mission 2023: চিৰাঙত মিলেট খেতিৰ সন্দৰ্ভত সজাগতা সভা

By

Published : May 6, 2023, 9:01 PM IST

thumbnail

চিৰাং,৬ মে': চিৰাঙৰ গৰুভাষাৰ ইছলাকাটাত জিলা কৃষি বিভাগৰ উদ্যোগত আয়োজন কৰা হয় পুষ্টিকৰ খাদ্য এংৰা তথা মিলেট খেতিৰ বিষয়ে এক সজাগতামূলক অনুষ্ঠানৰ(Awareness meeting on millet cultivation in Chirang) । অসম চৰকাৰৰ মিলেট মিছন ২০২৩ ত এই পুষ্টিকৰ খাদ্য মিলেটক গুৰুত্ব প্ৰদান কৰিছে । যিহেতু অসমত পুষ্টিহীন শিশু তথা লোকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে ।  

সেয়ে অসম চৰকাৰৰ পুষ্টিকৰ খাদ্য তালিকাত সংযোজন কৰি ইয়াৰ বিষয়ে কৃষকসকলক মিলেট খেতি অৰ্থাৎ এংৰা খেতি কৰাৰ বাবে কৃষি বিভাগৰ পৰাও সকলো ধৰণৰ সুযোগ সুবিধা প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে (Malnourished child hike in Assam) ।  

সেই উদ্দেশ্যৰে জিলাই জিলাই কৃষি বিভাগে বিষয়টো গুৰুত্ব সহকাৰে লৈ কৃষকসকলৰ মাজত এই খেতিৰ সুযোগ সুবিধা আদিৰ বিষয়ে অৱগত কৰি আছে (Millet Mission 2023) । শনিবাৰে চিৰাং জিলাৰ গৰুভাষাৰ ইছলাকাটাতো জিলা কৃষি বিভাগে জিলা উপায়ুক্তৰ উপস্থিতিত এংৰাখেতি সন্দৰ্ভত অনুষ্ঠানৰ আয়োজন কৰে । অনুষ্ঠানত জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়ববীয়া, বিভিন্ন আত্মসহায়ক গোট, কৃষকসকল উপস্থিত থাকে । 

লগতে পঢ়ক: Gramin Dak Sevak Sangh: গ্ৰামীণ ডাক সেৱক সন্থাৰ সমস্যা সমাধান নকৰিলে আন্দোলনৰ হুংকাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.