Public awareness programme:ডিফুত পৰিৱেশ সচেতনতাৰ বাবে একক প্লাষ্টিক বিৰোধী কৰ্মশালা - Deadly effect of use of plastic
🎬 Watch Now: Feature Video
ডিফু, ১৬ আগষ্ট: আমাৰ চৌপাশৰ পৰিৱেশক মাৰাত্মক ৰূপে একক ব্যৱহাৰযোগ্য প্লাষ্টিকে গ্ৰাস কৰাৰ সময়তে ইয়াৰ নিৰ্মূলৰ বাবে আগবাঢ়ি আহিছে পৰিৱেশকৰ্মী ৷ বিকল্প নামৰ ন্য়াসটোৱে প্লাষ্টিকৰ ব্যৱহাৰে জনজীৱনত সৃষ্টি কৰা মাৰাত্মক প্ৰভাৱৰ ওপৰত জনসাধাৰণক ব্যৱহাৰিক জ্ঞান প্ৰদৰ্শন কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ ঘৰ,হোটেল,ৰেষ্টুৰেণ্ট,বিয়া-সবাহ,অনুষ্ঠান-প্ৰতিষ্ঠানত একক ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ব্যৱহাৰ নাইকীয়া কৰাৰ বিকল্প হিচাপে পুনৰ ব্যৱহাৰযোগ্য বাচন-বৰ্তনৰ জৰিয়তে পৰিৱেশ ৰক্ষা কেনেদৰে কৰিব পাৰি সেইবিষয়ে ৰাইজক সজাগ কৰি আহিছে ।
ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ মঙলবাৰে ডিফু এছবি আইৰ সহযোগত বিকল্পই এক সজাগতামূলক অনুষ্ঠানৰ আয়োজন কৰে ৷ এছবিআই বেংক চৌহদত ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলনৰ পিছতে এই সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয় ৷ বিকল্পৰ প্ৰতিষ্ঠাপক বিপাশা শৰ্মাই পুনৰ ব্যৱহাৰযোগ্য ষ্টীলৰ বাচন-বৰ্তনত খাদ্য পৰিৱেশন কৰি আৱৰ্জনাবিহীন পৰিৱেশৰ উদাহৰণ দাঙি ধৰে ৷
উক্ত অনুষ্ঠানত উপস্থিত থকা এছ বি আইৰ ডিফু শাখাৰ প্ৰৱন্ধক দীপাংকৰ চক্ৰৱৰ্তী আৰু এছ বি আইৰ ডিফু শাখাৰ কৰ্মচাৰী তথা সমাজ সংগঠক গৌতম ৰয়ে এই সম্পৰ্কে ব্য়খ্য়া কৰে ।
লগতে পঢ়ক:77th Independence Day: নলবাৰীৰ হাফিজীয়া মাদ্ৰাছাত উলহ-মালহেৰে পালন স্বাধীনতা দিৱস