thumbnail

By ETV Bharat Assamese Team

Published : Sep 10, 2023, 11:02 AM IST

Updated : Sep 10, 2023, 1:24 PM IST

ETV Bharat / Videos

Natural Beauty in Jonai: আহিনক আদৰণি; কঁহুৱাই পাৰিছে শুভ্ৰ দলিছা

জোনাই,১১ ছেপ্টেম্বৰ: সংগোপনে শৰৎ নামিছে । শৰতৰ আগমনিত প্ৰকৃতিয়ে সাজোন-কাচোন কৰিছে । প্ৰকৃতি সুন্দৰ ৰূপে সজাই তুলিবলৈকে যেন শৰতৰ আগমন ৷ পদুলিত আহিন আৰু আহিন মানেই শৰতৰ ছাঁ । শৰতৰ আগমনৰ বতৰা লৈয়ে শাৰদীয় স্নিগ্ধতা সানি নৈৰ পাৰে পাৰে কঁহুৱা ফুলিছে । শাৰদীয় পৰশ পৰিছে জোনাই বেৰাচাপৰিৰ চিয়াং লালী নদীৰ বাকৰিতো । চিয়াং লালী নদীৰ কাষে কাষে হালি-জালি শাৰী শাৰীকৈ ফুলিছে অসংখ্য কঁহুৱাৰ ৷ 

নৈৰ কাষে কাষে ফুলা এই কঁহুৱা ফুলবোৰে বতাহত হালি জালি যেন আহিনক হাত বাউল দি মাতিছে । জোনাইৰ বানে ধোৱা বেৰাচাপৰি চিয়াং নদীৰ পাৰৰ কঁহুৱা ফুলৰ এই দৃষ্টিনন্দন দৃশ্যই এতিয়া মন্ত্ৰমুগ্ধ কৰিছে সকলোকে ৷ প্ৰকৃতিৰ বুকুত কঁহুৱা ফুলবোৰে যেন সৌন্দৰ্যৰ মেলাহে পাতিছে ৷ এই কঁহুৱাৰ ফুলৰ মনোৰম দৃশ্যয়ে যেন মানুহৰ মনলৈও লৈ আহিছে আফুৰন্ত আশা আৰু প্ৰেৰণা বতৰা ৷ কোনোবাই যদি নৈৰ পাৰৰ কহুৱা হৈ উৰিব খোজে, আন কোনোবাই সেই বিনন্দীয় পৰিৱেশৰ মাজত নিজৰ মনটোক কঁহুৱা কোমল কৰি প্ৰেমময় পৃথিৱীত এৰি দিয়ে । এয়াই শৰৎ আৰু শৰতৰ আবেদন ।  

লগতে পঢ়ক: Tourism minister on Bagane Bagane Congress : কংগ্ৰেছ পৰ্যটক! বাগানে বাগানে পৰ্যটক আহিছে, পৰিদৰ্শন কৰি গুছি যাব: জয়ন্তমল্ল বৰুৱা

Last Updated : Sep 10, 2023, 1:24 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.