ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত শোক দিৱস পালন

By

Published : Aug 16, 2022, 4:49 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

thumbnail
ৰাজ্য তথা দেশ কঁপাই যোৱা এটা ঘটনা আছিল ২০০৪ চনৰ ১৫ আগষ্টৰ ৫৮ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচীত বোমা বিস্ফোৰণ কাণ্ড (Bomb blasts at Independence Day programme in Dhemaji)। উক্ত দিনা ধেমাজিত সন্ত্ৰাসবাদীৰ বোমা বিস্ফোৰণত নিহত হৈছিল দহটিকৈ শিশু আৰু তিনিগৰাকী মহিলাসহ মুঠ ১৩ গৰাকী নিৰীহ লোক (10 children killed in Dhemaji bomb blast) ৷ উক্ত ঘটনাৰ পিছৰে পৰাই সমগ্ৰ ৰাজ্যই ১৬ আগষ্ট দিনটো বোমা বিস্ফোৰণত নিহতসকলৰ স্মৃতিত শোক দিৱস পালন কৰি আহিছে (August 16 mourning day in memory of Dhemaji bomb blasts) ৷ এইবেলিও ১৬ আগষ্টত ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত ধেমাজি মহাবিদ্যালয়ৰ শিশু শিক্ষা উৎকৰ্ষ সাধন কেন্দ্ৰৰ প্ৰাংগণত অনুষ্ঠিত কৰা হয় শোক দিৱস (Mourning Day by Dhemaji Administration) ৷ উক্ত বোমা বিস্ফোৰণত নিহতসকলৰ প্ৰতিচ্ছবি তথা আৰু প্ৰতিকৃতিত মাল্যাৰ্পণ, বন্তি প্ৰজ্বলনেৰে আৰম্ভণি হোৱা অনুষ্ঠানটোত সৰ্বধৰ্ম প্ৰাৰ্থনাৰ লগতে সংকল্প বাক্য পাঠ কৰা হয় । সংকল্প বাক্য পাঠ কৰায় ধেমাজি জিলা উন্নয়ন আয়ুক্ত অৰূপ পাঠকে ৷
Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.