ATTSA press conference : টোকোলাই চাহ বাগিচা স্থানান্তৰকৰণৰ প্ৰতিবাদ আটছাৰ - অসম চাহ নিগম
🎬 Watch Now: Feature Video
‘‘অন্ধকাৰৰ দিশে গতি কৰিছে টোকোলাই চাহ বাগিচাৰ শ্ৰমিকৰ ভৱিষ্যৎ ৷ বহু দিন ধৰি চাহ বাগিচাখনৰ শ্ৰমিকে পোৱা নাই নিজৰ প্ৰাপ্য ৷ আনকি টোকোলাই চাহ কেন্দ্ৰই নিজৰ স্বাৰ্থত চৰকাৰী চাহ বাগিচাখন ব্যৱহাৰ কৰি বাগিচাখনৰ বৃহৎ পৰিমাণৰ ভূমিৰ পৰা চাহ গছবোৰ উঠাই পেলাইছে ৷ লগতে বাগিচাৰ ভূমিত চাহ গছৰ পৰিৱৰ্তে বিভিন্ন প্ৰতিষ্ঠানৰ বাবে অট্টাল্লিকা নিৰ্মাণ কৰিছে ৷ আনকি বাগিচাৰ শ্ৰমিকক অৱসৰৰ ধন অথবা গ্ৰেচুইটিৰ ধনো আদি আত্মসাৎ কৰিছে ।’’ মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে আটছাই (ATTSA press conference demanding workers rights) ৷ তথ্য অনুসৰি, যোৰহাট জিলাৰ ঐতিহাসিক টোকোলাই চাহ বাগিচাখন অসম চাহ নিগমৰ পৰা টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠানে ১৭৯৭৬ চনতে ২০ বছৰৰ বাবে লীজত লৈছিল । কিন্তু ১৯৯৬ চনতে লীজত লোৱাৰ সময়সীমা উকলি যোৱাৰ পাচত সম্পূৰ্ণ অবৈধভাৱে অতিৰিক্ত প্ৰায় ২৫/২৬ বছৰৰ চাহ গৱেষণা কেন্দ্ৰটোৱে পৰিচালনা কৰি আহিছিল । কিন্তু বৰ্তমান সময়ত পৰিচালনা কৰিবলৈ অপৰাগ বুলি পুনৰ অসম চৰকাৰৰ হাতত গোপনে গতাই দিয়া ব্যৱস্থা গ্ৰহণ কৰিছে ৷ এই অভিযোগ উত্থাপন কৰিছে আটছাই (Assam Tea Tribes Students Association) ৷ যদিহে টোকোলাই চাহ বাগিচা কেন্দ্ৰই শ্ৰমিকৰ সম্পূৰ্ণ প্ৰাপ্য প্ৰদান নকৰাকৈ ৰাজ্য চৰকাক বাগিচাখন গোপনে ঘূৰাই দিয়ে, তেন্তে বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱাৰো হুংকাৰ দিয়ে আটছাই ।
Last Updated : Feb 3, 2023, 8:38 PM IST