2000 টকাৰ বাবে দাৰে ঘপিয়াই হত্যা আটছা নেতাক

By ETV Bharat Assamese Team

Published : Dec 10, 2023, 8:52 PM IST

thumbnail

মৰাণ, 10 ডিচেম্বৰ : ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া জয়পুৰৰ কাকজান হাবিত এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে । জয়পুৰৰ কাকজান হাবিত হত্যাৰ বলি হ’ল আটছা নেতা ৷ জয়পুৰৰ কাকজান হাবি গাঁৱৰ কমল ভূমিজ (34) নামৰ আটছাৰ নাহৰকটীয়া শাখাৰ প্ৰাক্তন সহকাৰী সম্পাদকগৰাকীক একে গাঁৱৰে বনমালি মানকী নামৰ এজন যুৱকে দাৰে ঘপিয়াই হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷

জানিব পৰা অনুসৰি, যোৱা 9 ডিচেম্বৰৰ নিশা কাকজান হাবি গাঁৱৰ বনমালি মানকী নামৰ যুৱকজনৰ পৰা পাবলগীয়া দুই হাজাৰ টকা মৃত কমল ভূমিজে বিচৰাত তেওঁক বনমালিয়ে নিজ ঘৰলৈ মাতি আনে ৷ তাৰ পিচতে নিজ ঘৰতে অতি নৃশংসভাৱে বনমালিয়ে কমলক দাৰে ঘপিয়াই হত্যা কৰে। নিশা প্ৰায় 9.30 মান বজাত এই ঘটনা সংঘটিত হয় বুলি স্থানীয় লোক আৰু পৰিয়ালৰ লোকে জানিবলৈ দিছে ৷

এই ঘটনাৰ পিচতে জয়পুৰ আৰক্ষীক ঘটনা সন্দৰ্ভত খবৰ দিয়াত জয়পুৰ আৰক্ষী ততালিকে ঘটনাস্থলীত উপস্থিত হয় ৷ ইফালে এই ঘটনা সংঘটিত কৰি অভিযুক্ত বনমালীয়ে পলায়ন কৰে। 

সম্প্ৰতি অভিযুক্ত বনমালি মানকীৰ ওপৰত case no 68/23, Section Under 302 IPC direct murder অধীনত জয়পুৰ আৰক্ষীয়ে গোচৰ ৰুজু কৰে । পলাতক বনমালিক বিচাৰি জয়পুৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । 

নাহৰকটীয়া আটছাৰ সদস্যই দেওবাৰে বিয়লি জয়পুৰ আৰক্ষী থানাত উপস্থিত হৈ উক্ত ঘটনাৰ অভিযুক্তক আটক কৰি কঠোৰ শাস্তিৰ দিবলৈ দাবী উত্থাপন কৰিছে।

লগতে পঢ়ক: লংপতীয়া হাবিত মহিলাৰ অৰ্ধনগ্ন মৃতদেহ উদ্ধাৰ; শৰীৰত আঘাতৰ চিন স্পষ্ট

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.