thumbnail

By

Published : Jun 21, 2023, 12:39 PM IST

ETV Bharat / Videos

Constitution demolition : সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচতে ধেমাজিত আবতৰীয়া দেৱালী

ধেমাজি, 21 জুন : সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তাৱ প্ৰকাশৰ পিচতে ধেমাজি নগৰৰ ৰাজপথত ফটকা ফুটাই আনন্দ প্ৰকাশ আটাছুৰ ৷ মংগলবাৰে প্ৰকাশ পোৱা সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা তালিকাত ধেমাজিয়ে পূৰ্বৰ 2 টা সমষ্টিৰ পিছত তৃতীয়টো সমষ্টি চিচিবৰগাওঁ সমষ্টি লাভ কৰাৰ লগতে চিচিবৰগাওঁ সমষ্টিটো সংৰক্ষণমুক্ত কৰাৰ বাবে অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰৰ নিৰ্বাচন আয়োগক ধন্যবাদ জনায় ৷ তদুপৰি, ধেমাজি নগৰত ফটকা ফুটাই উল্লাস প্ৰদৰ্শন কৰে আটাছুৰ বিষয়ববীয়াসকলে ৷ 

উল্লেখ্য যে, 53 শতাংশ অজনজাতীয় লোকে বাস কৰা ধেমাজি জিলাৰ দুটা সমষ্টি ক্ৰমে ধেমাজি আৰু জোনাই বিধানসভা সমষ্টি ৷ দুটা দশক ধৰি জনজাতীয় লোকৰ বাবে সংৰক্ষিত হৈ থকা বাবে অজনজাতীয় লোকসকলে ৰাজনৈতিক অধিকাৰ লাভৰ পৰা বঞ্চিত হৈ আহিছিল বুলি কয় আটাছু নেতা মনোজ গগৈয়ে ৷ সেয়ে এই দুটাৰ উপৰিও অতিৰিক্ত চিচিবৰগাঁও সমষ্টিটো নতুনকৈ গঠন কৰাৰ লগতে সংৰক্ষণমুক্ত কৰাত উৎফুল্লিত হৈ পৰিছে ধেমাজি সদৰৰ লগতে চিচিবৰগাঁও আৰু চিলিপথাৰৰ বিভিন্ন দল-সংগঠন আৰু অজনজাতীয় লোকে ৷ 

নিশাই ফটকা ফুটাই আনন্দ উল্লাস কৰি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে আটাছু কৰ্ম-কৰ্তাসকলে ৷

লগতে পঢ়ক : Bishnu Prasad Rabha : সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাক মৃত্যু বাৰ্ষিকীত স্মৰণ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.