Shivsagar ATASU protest : চাৰিলেন যুক্তপথ নিৰ্মাণৰ দাবীত শিৱসাগৰত আটাছুৰ প্ৰতিবাদ - বিধ্বস্ত হৈ পৰিছে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/08-10-2023/640-480-19712919-thumbnail-16x9-siv.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Oct 8, 2023, 2:27 PM IST
শিৱসাগৰ, 8 অক্টোবৰ : শিৱসাগৰ ডিমৌ পৰা জাঁজীলৈকে বিধ্বস্ত হৈ পৰিছে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ । ৰাষ্ট্ৰীয় ঘাইপথত দ দ গাঁত সৃষ্টি হোৱাৰ পিচতো ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন প্ৰাধিকৰণ নীৰৱ দৰ্শক হৈ আছে ৷ এই অভিযোগ টাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছুৰ শিৱসাগৰ জিলা সমিতিৰ ৷
ডিমৌ পৰা জাঁজীলৈকে বিধ্বস্ত হৈ পৰা 37 নং ৰাষ্ট্ৰীয় ঘাইপথছোৱা নিৰ্মাণৰ দাবীত দেওবাৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আটাছুৰ শিৱসাগৰ জিলা সমিতিয়ে । শিৱসাগৰ গেমন দলঙৰ সমীপৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত বৰতাল বজাই, হাতে হাতে প্লে-কাৰ্ড লৈ আটাছুৰ শিৱসাগৰ জিলা সমিতি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।
এন এইছ আই ডি চি এলৰ নিদ্ৰা ভংগ হওক, ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি কৰক, এন এইছ আই ডি চি এল হায় হায় আদি শ্ল’গান দি আটাছুৰ শিৱসাগৰ জিলা সমিতিয়ে পৰিৱেশ উত্তাল কৰি তোলে । লগতে ৰাষ্ট্ৰীয় ঘাইপথ যাতায়তৰ বাবে সুচল নকৰি একাংশ ঠিকাদাৰ প্ৰতিষ্ঠানে কেৱল লুণ্ঠন চলোৱা বুলিও ক্ষোভ প্ৰকাশ কৰে সংগঠনটোৱে ।
লগতে পঢ়ক : TMC Election meeting : ৰূপহীহাটত খালী চকীৰ সন্মুখতে ভাষণ ৰিপুন বৰাৰ