ASTC Moran: ন-ৰূপত সজোৱা হ'ব অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থানঃ প্ৰণৱ জ্যোতি লহকৰ

By

Published : May 15, 2023, 6:55 PM IST

thumbnail

ডিব্ৰুগড়, 15 মে’: সোমবাৰে মৰাণৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থান পৰিদৰ্শন কৰে অসম ৰাজ্যিক পৰিবহন নিগমৰ উপাধ্যক্ষ প্ৰণৱ জ্যোতি লহকৰে ৷ উজনি অসম ভ্ৰমণসূচী হাতত লৈ মৰাণৰ পৰিবহন নিগমৰ বাছ আস্থানৰ কাৰ্যালয়ত উপস্থিত হৈ উপাধ্যক্ষজনে কাৰ্যালয়টোৰ বিষয়া-কৰ্মচাৰীসকলৰ সৈতে ভাৱ বিনিময় কৰে (ASTC Vice Chairman visited ASTC office at Moran)।  

ইয়াৰ পাচতে সাংবাদিকৰ আগত মন্তব্য ৰাখি উপাধ্যক্ষ জনে কয় যে, পৰিবহন নিগমক নতুন ৰূপত সজোৱা হ’ব । মূলতঃ ৰাজহ সংগ্ৰহৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই চিন্তা কৰিছে বুলি উপাধ্যক্ষজনে মন্তব্য কৰে । সেয়েহে প্ৰথম পৰ্যায়ত পৰিবহন নিগমসমূহ পৰিদৰ্শন কৰি পৰৱৰ্তী সময়ত পৰিবহন নিগমসমূহ ন-ৰূপত সজোৱা হ'ব বুলি তেওঁ উল্লেখ কৰে (ASTC office at Moran)।  

এইবাৰ পৰিবহন নিগমত উবেৰেশ্যন আঁ‌চনিৰ অধীনত নিবনুৱাসকলক গুৰুত্ব দিয়া হ'ব বুলি তেওঁ মন্তব্য কৰে । তেওঁ কয় যে, অসম ৰাজ্যিক পৰিবহন নিগমৰ নতুন বাছ ক্ৰয় কৰাৰ ক্ষেত্ৰত নিবনুৱা যুৱকসকলক অগ্ৰাধিকাৰ দিয়া হ'ব । ইয়াৰ বাবে ১৫ শতাংশ অসম চৰকাৰে আৰু ১০ শতাংশ বেংক চাবচিডি দি নিবনুৱাসকলক সহায় কৰিব বুলি উপাধ্যক্ষজনে মন্তব্য কৰে (ASTC Moran) ।  

বৰ্তমান মৰাণৰ বাছ আস্থানৰ মাটি ডোখৰ আদালতৰ বিচাৰাধীন হৈ আছে যদিও ৰাইজৰ স্বাৰ্থত আদালতে সঠিক ৰায় দিব বুলি উপাধ্যক্ষজনে আশা ব্যক্ত কৰে । ইফালে পৰিবহন নিগমৰ অস্থায়ী কৰ্মচাৰীসকলক লৈ মুখ্যমন্ত্ৰীয়ে কিছু চিন্তা-চৰ্চা কৰি থকাৰ কথা উপাধ্যক্ষজনে জানিবলৈ দিয়ে (Pranab Jyoti Lahkar Vice Chairman ASTC) ।

লগতে পঢ়ক: Sarbananda Sonowal: নিজৰ প্ৰতিভাৰে অসমীয়া যুৱক-যুৱতীয়ে বিশ্ব জয় কৰিব লাগিব; সোণোৱাল

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.