thumbnail

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 5:32 PM IST

ETV Bharat / Videos

Assamese Movie Raghav : মৰাণ মহাবিদ্যালয়ত পৰীক্ষাৰ মাজতে টীম ৰাঘৱৰ প্ৰচাৰ, বিভিন্ন মহলত প্ৰতিক্ৰিয়া

ডিব্ৰুগড়, 13 অক্টোবৰ : মৰাণ মহাবিদ্যালয়ত এফালে ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষা আনফালে যতীন বৰাৰ বোলছবি ৰাঘৱৰ প্ৰচাৰ ৷ যাক লৈ এতিয়া মৰাণৰ বিভিন্ন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷  

উল্লেখ্য যে 27 অক্টোবৰত মুক্তি পাবলগা যতীন বৰাৰ ৰাঘৱ বোলছবিৰ প্ৰচাৰৰ বাবে ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয়ৰ লগতে বিভিন্ন স্থানত উপস্থিত হৈছে কলা-কুশলীসকল ৷ শুকুৰবাৰে টীম ৰাঘৱৰ দলটো প্ৰচাৰৰ বাবে উপস্থিত হয় মৰাণ মহাবিদ্যালয়ত ৷ ইফালে মহাবিদ্যালয়খনত শুকুৰবাৰে ১২ বজাৰ পৰা ১ বজালৈ আৰু ১-৩০ পৰা ২-৩০ বজালৈ চলি আছিল তৃতীয় ষাণ্মাসিকৰ পৰীক্ষা ৷ সেই সময়তে মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত প্ৰচাৰৰ বাবে ৰাঘৱৰ দলটো আহি উপস্থিত হয় আৰু ছাত্ৰ-ছাত্ৰী সকলৰ আগত প্ৰচাৰ চলায় বোলছবিখনৰ ৷

কিন্তু মহাবিদ্যালয়খনত যিহেতু সেই সময়ত পৰীক্ষা চলি আছিল, সেই বাবে এতিয়া এই বিষয়টোৱে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ ছবিখনৰ পৰিচালক তথা যতীন বৰাক এই সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন সোধাত তেওঁক উত্তৰ দিবলৈ নিদি উত্তৰ দিলে প্ৰযোজক তথা অভিনেতাগৰাকীৰ পত্নী নৱনীতা শৰ্মা বৰাই ৷  

উত্তৰত প্ৰযোজকগৰাকীয়ে কয় যে, মহাবিদ্যালয়ৰ অধ্যক্ষাগৰাকীৰ অনুমতি সাপেক্ষেহে তেওঁলোকে মহাবিদ্যালয়খনত প্ৰচাৰ চলাবলৈ আহিছিল ৷ অৱশ্যে মহাবিদ্যালয়ৰ অধ্যক্ষাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত মন্তব্য দিয়াৰ পৰা বিৰত থাকে ৷ 

লগতে পঢ়ক : International weight lifting competition:আন্তঃৰাষ্ট্ৰীয় ভাৰ উত্তোলন প্ৰতিযোগিতাত অসম সন্তানৰ সোণৰ পদক অৰ্জন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.