Assamese Cultural Team in Thailand : থাইলেণ্ডত উজলিল অসমৰ বাৰেৰহণীয়া সংস্কৃতি - থাইলেণ্ডত উজলিল অসমৰ বাৰেৰহণীয়া সংস্কৃতি
🎬 Watch Now: Feature Video

কলিয়াবৰ, ২৫ জুলাই: জীনা ৰাজকুমাৰীৰ নেতৃত্বত এদল অসমীয়াই থাইলেণ্ডৰ মহাৰেখাম বিশ্ববিদ্যালয়ত সাংস্কৃতিক আৰু ভাষা বিষয়ক সন্মিলনত অসমীয়া জাতি-জনগোষ্ঠীৰ বাৰেৰহণীয়া সংস্কৃতিক প্ৰদৰ্শন কৰে । বিহু, তিৱা, হাজং, দেউৰী, ঝুমুৰ, গোৱালপৰীয়া গীত-নৃত্যৰ লগতে ড৹ সঙ্গীতা কাকতি, ডাঃ অঞ্জনজ্যোতি চৌধুৰী, জীনা ৰাজকুমাৰীকে ধৰি কেইবাগৰাকী শিল্পীয়ে গীত পৰিৱেশন কৰে ।
তদুপৰি, অসমৰ বিভিন্ন জনগোষ্ঠীয় কৃষ্টি-সংস্কৃতি বিষয়ে বক্তৃতা প্ৰদান কৰে দেৱেন্দ্ৰনাথ বসুমতাৰী, ৰাজীৱ প্ৰকাশ বৰুৱা, ড৹ সঙ্গীতা কাকতি, ড৹ অম্বেশ্বৰ গগৈ, নৱজ্যোতি গোস্বামী আদিয়ে । পঞ্চাশজনীয়া ভাৰতীয় দলটোৱে ভাৰত আৰু থাইলেণ্ডৰ সাংস্কৃতিক বিনিয়ময় কাৰ্যসূচীৰ অন্তৰ্গত অনুষ্ঠানত অসমীয়া সংস্কৃতিৰ বিভিন্ন বিষয়ৰ প্ৰদৰ্শন আৰু আলোচনাৰ জৰিয়তে অসমৰে পূৰ্বৰে পৰা দক্ষিণ-পূৱ এছিয়াৰে থকা সম্পৰ্ক অধিক দৃঢ় হ'ব বুলি আশা কৰিব পাৰি ।
লগতে পঢ়ক:Manipur Update: মণিপুৰত এনি ৰাজাক বিনা কাৰণে গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত চিপিআইএমৰ ধৰ্ণা কাৰ্যসূচী