Assamese boy punished: এসাঁজ ভাতৰ বাবে অসমীয়া যুৱকক চূড়ান্ত শাস্তি অনা অসমীয়াৰ

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 8:00 PM IST

thumbnail

গুৱাহাটী, 25 ছেপ্টেম্বৰ: এসাঁজ ভাতেই কাল হ’ল এজন যুৱকৰ। এসাঁজ ভাত খাই এজন অনা অসমীয়াৰ হাতত চূড়ান্ত অপমান আৰু অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হল এজন অসমীয়া যুৱক। নমতা বিয়াত ভাত খোৱাৰ অপৰাধত বিজয় নাইডু নামৰ এজন লোকে ধনজিৎ বৈশ্য নামৰ অসমীয়া যুৱকক চূড়ান্ত শাস্তি প্ৰদান কৰি সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল কৰে ৷ 

ঘটনাৰ বিৱৰণ অনুসৰি আজিৰ পৰা দুদিনৰ পূৰ্বে মহানগৰীৰ ভি.আই.পিস্থিত বিলাসী বিবাহভৱন ব্লু পেৰাডাইছত এখন বিবাহৰ অভ্যৰ্থনা অনুষ্ঠান আয়োজন কৰা হৈছিল ৷ সেই বিয়াতে নমতাকৈ ভাত খাবলৈ আহিছিল ধনজিৎ নামৰ যুৱকজনে ৷ তাৰ পিচতে হোটেলখনৰ স্বত্বাধিকাৰী বিজয় নাইডুয়ে অসমীয়া যুৱকজনক কাণত ধৰি উঠা বহা কৰাই ভিডিঅ’ কৰি সামাজিক মাধ্যমত ভাইৰেল কৰে ৷

এই ভাইৰেল ভিডিঅ’টো চৌদিশে বিয়পি পৰাত যুৱকজনৰ হৈ ন্যায় বিচাৰি ব্লু পেৰাডাইছলৈ বীৰ লাচিত সেনা অসমৰ এটা দল উপস্থিত হয় । সংগঠনটোৰ নেতৃবৃন্দই সমগ্ৰ ঘটনা সন্দৰ্ভত ন্যায় বিচাৰি কাষ চাপে মহানগৰ আৰক্ষীৰ। আৰক্ষীয়ে ইতিমধ্যে বিবাহ ভৱনটোত উপস্থিত হৈ বিজয় নাইডু আৰু পত্নীক নুনমাটি থানালৈ মাতি আনে। পৰৱৰ্তী সময়ত লাচিত সেনাৰ বিষয়ববীয়াৰ উপস্থিতিত বিজয় নাইডুয়ে অসমীয়া যুৱকজনক কৰা এনে দুৰ্ব্যৱহাৰৰ বাবে ক্ষমা খোজে।

লগতে পঢ়ক: Fake currency making Machine seized: নগাঁৱত জব্দ জালনোট প্ৰস্তুত কৰা মেচিন; ড্ৰাগছসৰবৰাহকাৰীও আটক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.