Assam: অন্ধ্ৰপ্ৰদেশত আৱদ্ধ অসমৰ যুৱক; সহায়ৰ আহ্বান - অন্ধ্ৰপ্ৰদেশত আৱদ্ধ অসমৰ যুৱক
🎬 Watch Now: Feature Video
Published : Sep 21, 2023, 4:49 PM IST
জোনাই,২১ ছেপ্টেম্বৰ: বহিঃৰাজ্যত প্ৰৱঞ্চনাৰ বলি অসমৰ একাংশ যুৱক । আৱদ্ধ হৈ পৰিছে অন্ধ্ৰপদেশত । ভিডিঅ'যোগে উদ্ধাৰ কৰিবলৈ অসম চৰকাৰক অনুৰোধ জনালে ভুক্তভোগী যুৱকৰ দলটোৱে । জানিব পৰা মতে, অসমৰ একাংশ নিবনুৱা যুৱকক কৰ্ম-সংস্থাপন দিয়াৰ প্ৰলোভন দেখুৱাই প্ৰায় এমাহ আগতে বিনোদ পেগু নামৰ এজন যুৱকে অন্ধপ্ৰদেশলৈ লৈ গৈছিল । কিন্তু বিনোদ পেগু নামৰ যুৱকজনে আগধন লৈ পলায়ন কৰাৰ অভিযোগ উত্থাপন কৰে ভুক্তভোগী যুৱককেইজনে ।
এই অভিযুক্ত দুষ্কৃতিকাৰী যুৱকজন গোগামুখৰ বিনোদ পেগু বুলি জানিব পৰা গৈছে । আন এক তথ্য অনুসৰি বিনোদ পেগু আছিল এসমৰ RSS নেতা । প্ৰায় বিশগৰাকীকৈ যুৱক অন্ধ্ৰপ্ৰদেশৰ কাৰিকুল্লু নামৰ এক স্থানৰ জগন্নাথ কলনীত আৱদ্ধ হৈ থকা বুলি জানিবলৈ দিছে যুৱককেইজনে ।
যুৱককেইজন ধেমাজি, জোনাই, গোগামুখ, চিলাপথাৰ ডিব্ৰুগড়ৰ লগতে লখিমপুৰ আদি বিভিন্ন প্ৰান্তৰ পৰা বুলি জানিব পৰা গৈছে । গতিকে অতি শীঘ্ৰে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীক অন্ধ্ৰপ্ৰদেশত আৱদ্ধ হৈ থকা যুৱকসকলক উদ্ধাৰ কৰি আনিবলৈ আহ্বান জনাইছে ভুক্তভোগী যুৱককেইজনে ।
লগতে পঢ়ক: Man electrocuted in Naojan: বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা দাইয়োত মাৰাকৰ বাসগৃহত নাজল-নাথল অৱস্থা