thumbnail

Ride from Karimganj to Ayodhya: ৰিক্সা চলাই কৰিমগঞ্জৰ পৰা অযোধ্যালৈ যাত্ৰা অসীম নমঃশূদ্ৰৰ

By

Published : Aug 4, 2023, 8:38 AM IST

কৰিমগঞ্জ, 4 আগষ্ট : কৰিমগঞ্জৰ পৰা ৰিক্সা চলাই এজন যুৱকে কৰিছে ৰাম জন্মভূমি অযোধ্যালৈ যাত্ৰা ৷ উদ্দেশ্য দেশ তথা ৰাজ্যত শান্তি বৰ্তি থকা আৰু সকলোৰে মংগল হোৱা ৷ আমি উল্লেখ কৰা এই যুৱকগৰাকী হৈছে কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী চেৰাগি অঞ্চলৰ অসীম নমঃশূদ্ৰ ৷ বুধবাৰে ৰাতাবাৰী চেৰাগি অঞ্চলৰ পৰা অসীম নমঃশূদ্ৰই যাত্ৰা কৰি বৃহস্পতিবাৰে উপস্থিত হয় কৰিমগঞ্জত ৷

সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত  অসীম নমঃশূদ্ৰই কয় যে তেওঁ ৰাম জন্মভূমি অযোধ্যা, বাগেশ্বৰধম, মথুৰা, বৃন্দাবন ভ্ৰমণ কৰিব ৷ লগতে তেওঁৰ এই যাত্ৰাৰ অন্য এক লক্ষ্য হৈছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, ধীৰেন্দ্ৰ শাস্ত্ৰী আৰু অনুৰুদ্ৰ আচাৰ্যক সাক্ষাৎ কৰা ।

উল্লেখ্য যে, অসীম নমঃশূদ্ৰৰ এয়াই প্ৰথম যাত্ৰা নহয় ৷ ইয়াৰ পূৰ্বেও তেওঁ খোজকাঢ়ি দেশৰ বিভিন্ন ধর্মীয় স্থান পৰিভ্ৰমণ কৰিছিল ৷

লগতে পঢ়ক : Ride from Jonai to Ladakh: মটৰ চাইকেলেৰে জোনাইৰ দুই যুৱকৰ লাডাখলৈ দুঃসাহসিক যাত্ৰা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.