thumbnail

By

Published : Aug 21, 2023, 3:34 PM IST

ETV Bharat / Videos

Awareness about Environmental Protection:সজাগতা সৃষ্টিৰ লক্ষ্যৰে লাডাখলৈ চাইকেল যাত্ৰা টিংখাঙৰ দুই যুৱকৰ

ডিব্ৰুগড়, 21 আগষ্ট : আধুনিক সমাজ ব্যৱস্থাই পৰিৱেশৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ পাচতে এতিয়া পৰিৱেশ সংৰক্ষণৰ বাবে বিভিন্ন জনে সজাগতা আৰম্ভ কৰিছে বিভিন্ন প্ৰান্তত । ইয়াৰ মাজতে পৰিৱেশ সুৰক্ষাৰ প্ৰতি সজাগতা সৃষ্টিৰ লক্ষ্যৰে টিংখাঙৰ দুই যুৱকে গ্ৰহণ কৰিছে ইতিবাচক পদক্ষেপ ।

পৰিৱেশ সুৰক্ষা কৰক আৰু সু-স্বাস্থ্যৰ অধিকাৰী হৈ থাকক । পৰিৱেশ সুস্থ হৈ থাকিলেহে মানৱ সমাজ সুস্থ হৈ থাকিব এই কথা ৰাইজক বুজোৱাৰ উদ্দেশ্যে পৰিৱেশ সুৰক্ষাৰ প্ৰতি সজাগতা সৃষ্টিৰ লক্ষ্যৰে দুই যুৱকৰ ইতিবাচক পদক্ষেপ । টিংখাঙৰ পৰা লাডাখলৈ চাইকেল যাত্ৰা কৰিব এই দুই যুৱকে । টিংখাঙৰ ১ নং নাহৰপৰা বৰবিল গাঁৱৰ দুই প্ৰকৃতিপ্ৰেমী যুৱক অভিলেখ সন্দিকৈ আৰু প্ৰভাত তাঁতীয়ে 21 আগষ্ট, সোমবাৰৰ পৰা চাইকেলেৰে সজাগতা যাত্ৰা কৰিছে লেহ লাডাখলৈ । পৰিৱেশ সুৰক্ষা কৰক আৰু সু-স্বাস্থ্যৰ অধিকাৰী হৈ থাকক এই আহ্বান জনাইছে যুৱককেইজনে । আজি পুৱাৰ যাত্ৰাৰ সময়ত দুয়োগৰাকী চাইক্লিষ্টক সম্বৰ্ধনা জনাই বিভিন্ন দল-সংগঠনে ।

লগতে পঢ়ক : Ride from Jonai to Ladakh: মটৰ চাইকেলেৰে জোনাইৰ দুই যুৱকৰ লাডাখলৈ দুঃসাহসিক যাত্ৰা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.