Assam Youth Died in Gujrat: টিংখাঙৰ স্ব-গৃহলৈ অনা হ’ল কৰ্মৰত অৱস্থাত গুজৰাটত মৃত্যু ঘটা যুৱকৰ নশ্বৰ দেহ

By

Published : Jul 27, 2023, 12:42 PM IST

thumbnail

ডিব্ৰুগড়, 27 জুলাই : দৰিদ্ৰতা আৰু ঘৰুৱা দায়িত্বৰ যোৰা মাৰিবলৈ গুজৰাটলৈ গৈছিল যুৱকজন ৷ মনত বহু আশা আছিল, আছিল পৰিয়ালটোৰ প্ৰতি দায়বদ্ধতা ৷ পত্নী, তিনিবছৰীয়া একমাত্ৰ সন্তান, পিতৃ- মাতৃ আৰু বিশেষ ভাৱে সক্ষম জ্যেষ্ঠ ভাতৃ সকলোৰে একমাত্ৰ আশা ভৰষাৰ থল আছিল টিংখাঙৰ গেলা দিচাং গাঁৱৰ সুজিত দিহিংগীয়া নামৰ যুৱকজন ৷ কিন্তু নিষ্ঠুৰ নিয়তিৰ পৰিহাস ! পৰিয়ালৰ সপোন পূৰাবলৈ বহিঃৰাজ্যলৈ যোৱা সুজিত ঘূৰি আহিল নিঠৰ দেহ হৈ ৷

উল্লেখযোগ্য যে, টিংখাঙৰ গেলা-দিচাং গাঁৱৰ দেৱেশ্বৰ দিহিংগীয়া আৰু পূৰ্ণিমা দিহিংগীয়াৰ কণিষ্ঠ পুত্ৰ সুজিত দিহিংগীয়া গুজৰাটত কৰ্মৰত অৱস্থাত জণ্ডিছ ৰোগত আক্ৰান্ত হৈ অকাল বিয়োগ ঘটে ৷ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী সুজিতৰ মৃত্যুৱে ঘৰখনলৈ অমানিশা কঢ়িয়াই অনাৰ লগতে সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পেলায় ৷

আনহাতে, অৰ্থৰ অভাৱত গুজৰাটৰ পৰা মৃতদেহ ঘূৰাই অনাৰ ক্ষেত্ৰতো একপ্ৰকাৰ অসহায় হৈ পৰা দুৰ্ভগীয়া পৰিয়ালটোক অৱশেষত স্থানীয় ৰাইজ , দল-সংগঠন, বিধায়ক বিমল বৰাই আগবঢ়োৱা সহায়-সহযোগিতাৰ ফলত বুধবাৰে বিয়লি সুজিত দিহিংগীয়াৰ নশ্বৰ দেহ আপোন গাঁওখনলৈ  অনা হয় ৷ সুজিতৰ মৃতদেহ আহি পোৱাৰ পাছতে শোকত ভাগি পৰে পৰিয়াল, আত্মীয় তথা সমগ্ৰ অঞ্চলবাসী ৷ লোকে লোকাৰণ্য হৈ পৰে ঘৰৰ চৌহদ ৷ এক শোকাকূল পৰিৱেশৰ মাজত পঞ্চভূতত বিলীন হয় সুজিতৰ নশ্বৰ দেহ ৷

লগতে পঢ়ক : Freedom fighter Gangaram Boruah: বিহালীৰ প্ৰবীন স্বাধীনতা সংগ্ৰামী গংগাৰাম বৰুৱাৰ দেহাৱসান

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.