Sikha Sarma Arrested: নিশাৰ এন্ধাৰ পোহৰাবলৈ শিখা জ্বলিবই লাগিব: শিখা শৰ্মা

By

Published : Jun 16, 2023, 4:38 PM IST

thumbnail

গুৱাহাটী, 16 জুন: নিশাৰ এন্ধাৰ পোহৰাবলৈ শিখা জ্বলিৱই লাগিব ৷ এই মন্তব্য ফেচবুকত বিজেপি নেত্ৰীৰ বিৰুদ্ধে বিৰূপ মন্তব্য প্ৰকাশ কৰি দিশপুৰ আৰক্ষীৰ হাতত আটক হোৱা শিখা শৰ্মাৰ ৷ শুকুৰবাৰে আটক হোৱাৰ পিচত স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱাৰ সময়ত চিঞৰি চিঞৰি এই মন্তব্য আগবঢ়াই আটকাধীন শিখা শৰ্মাই ৷

উল্লেখ্য যে কিছুদিন পূৰ্বে শিখা শৰ্মাই ফেচবুকত সদ্য প্ৰয়াত বিজেপি নেত্ৰী জোনালী নাথ সন্দৰ্ভত কৰিছিল কিছু আপত্তিজনক মন্তব্য ৷ হত্যাৰ বলি হোৱা বিজেপি নেত্ৰী নাথৰ চৰিত্ৰক লৈ প্ৰশ্ন কৰিছিল শিখা শৰ্মাই ৷ এই সন্দৰ্ভত দিশপুৰ আৰক্ষী থানাত ৰুজু হৈছিল এক গোচৰ ৷ শিখা শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে আপত্তি দৰ্শাইছিল ৰাজ্যিক মহিলা আয়োগেও ৷

এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা হেমপ্ৰভা বৰঠাকুৰে লিখিছিল পত্ৰ ৷ আৰক্ষী সঞ্চালক প্ৰধানলৈ লিখা পত্ৰত এনে কাৰ্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছিল ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষাগৰাকীয়ে ৷  

ইতিমধ্যে 1047/23 নম্বৰৰ গোচৰত বিতৰ্কিত লেখিকা শিখা শৰ্মাক দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে ৷ শিখা শৰ্মাৰ বিৰুদ্ধে ধাৰা সন্নিৱিষ্ট হৈছে 500/509/1539/295(a)/ 201/ ২203/505 ৷ শিখা শৰ্মাক পুনৰ আৰক্ষী জিম্মাত বিচৰাৰ সম্ভাৱনা দিশপুৰ আৰক্ষীৰ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.