Guwahati murder case: পাঞ্জাবাৰীৰ গুলীচালনাৰ ঘটনাক কঠোৰ নিন্দা ৰিপুন বৰাৰ - দুৰ্বৃত্তই ৰাজপথত গুলীয়াই হত্যা কৰা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Nov 21, 2022, 9:06 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

আৰক্ষীৰ দুৰ্বলতাৰ সুযোগ লৈ গুৱাহাটী মহানগৰীত বৃদ্ধি পোৱা দুৰ্বৃত্তৰ কূটাঘাতত উদ্বিগ্ন হৈ পৰিছে অসম তৃণমূল কংগ্ৰেছ (Guwahati murder case)৷ অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই (Assam Trinomool congress president Ripun Bora)কয় যে সোমবাৰে পূৰবী ডেইৰীৰ এগৰাকী বিষয়াক দিন দুপৰতে দুৰ্বৃত্তই ৰাজপথত গুলীয়াই হত্যা কৰা ঘটনাক আমি অসম তৃণমূল কংগ্ৰেছ দলে গৰিহণা দিছো আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো ৷ চৰকাৰে আৰক্ষী শক্তিশালী হোৱা বুলি দাবী কৰাৰ বিপৰীতে মহানগৰীত দিনক দিনে অপৰাধজনিত কাৰ্যকলাপ বৃদ্ধি পাই অহাটো আমি বৰ উদ্বিগ্নতাৰে লক্ষ্য কৰিছো ৷ এই ঘটনাই আৰক্ষীৰ দুৰ্বলতাক উদঙাই দিছে। আৰক্ষীৰ দুৰ্বলতাৰ সুযোগ লৈ অপৰাধীয়ে আজি দুন দুপৰতে হত্যাকাণ্ড সংঘটিত কৰিবলৈ সাহস কৰিছে ৷ বিগত সময়ছোৱাত মহিলাৰ চেইন কাঢ়ি নিয়াৰ ঘটনাও সঘনাই হোৱা দেখি আহিছো, কিন্তু কোনো এটা ঘটনাত জড়িতক কৰায়ত্ব কৰিব পৰা নাই ৷ এই ঘটনা সন্দৰ্ভত উচিত তদন্ত কৰি দোষীক বিচাৰি উলিয়াই উপযুক্ত শাস্তি দিবলৈ চৰকাৰৰ ওচৰত দাবী জনায় (Ripun Bora on Guwahati murder case)৷
Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.