thumbnail

Panchayat polls 2023: পঞ্চায়ত নিৰ্বাচনৰ বাবে অসম তৃণমূল কংগ্ৰেছৰ পাঁচজনীয়া সমিতি গঠন

By

Published : Jan 31, 2023, 6:22 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

গুৱাহাটী, 31 জানুৱাৰী: সমাগত পঞ্চায়ত নিৰ্বাচন 2023 (Panchayat polls 2023) ৷ পঞ্চায়ত নিৰ্বাচনৰ বাবে অসম তৃণমূল কংগ্ৰেছে (Assam Trinamool Congress) আৰম্ভ কৰিছে কুচকাৱাজ ৷ মঙলবাৰে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ লক্ষ্য আগত ৰাখি অসম তৃণমূল কংগ্ৰেছ দলে এক পাঁচজনীয়া সমিতি গঠন কৰিছে (Trinamool Congress forms five member committee )। পঞ্চায়ত নিৰ্বাচন সম্পৰ্কীয় বিভিন্ন দিশ তদাৰক কৰাৰ বাবে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই এই পাঁচজনীয়া সমিতিখন গঠন কৰি দিয়ে ।  

অৰূপজ্যোতি ভূঞাক আহ্বায়ক হিচাপে লৈ গঠন কৰা সমিতিখনৰ অন্য সদস্যসকল হল- গজেন্দ্ৰ প্ৰসাদ উপমন্যু, দিলীপ শৰ্মা, তড়িত চ্যাটাৰ্জী আৰু শ্বেইখ মহম্মদ চাদিক (Five member committee for panchayat polls)। এই সমিতিখনৰ মূল কাম হৈছে দলটোৰ সাংগঠনিক প্ৰস্তুতি তদাৰক কৰাৰ উপৰিও পৰামৰ্শ প্ৰদান কৰা, ৰণকৌশল প্ৰস্তুত কৰা, নিৰ্বাচনী ইস্তাহাৰ প্ৰস্তুত কৰা, নিৰ্বাচনী প্ৰচাৰ অভিযানৰ পৰিকল্পনা কৰা, নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া আসন আৰু অঞ্চল নিৰ্ধাৰণ আদি বিষয়সমূহ নীৰিক্ষণ কৰা ৷ এই সমিতিয়ে উক্ত বিষয়সমূহৰ সন্দৰ্ভত সভাপতি ৰিপুণ বৰাৰ (President Ripun Bora) ওচৰত ৰিপোৰ্ট দাখিল কৰিব লাগিব ।

এই সন্দৰ্ভত অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই (Media Department Chairman Dilip Kumar Sharma ) কয় যে অসম তৃণমূল কংগ্ৰেছে পঞ্চায়ত নিবাচনৰ বাবে টঙালি বান্ধিছে। অসম তৃণমূল কংগ্ৰেছে পঞ্চায়ত নিবাচনৰ বাবে ৰণকৌশল প্ৰস্তুত কৰিছে । অসম তৃণমূল কংগ্ৰেছে পঞ্চায়ত নিৰ্বাচনত শক্তিশালীভাবে অৱতীৰ্ণ হ'ব ।  

ইয়াৰোপৰি এই বৰ্ষত অসম তৃণমূল কংগ্ৰেছে পঞ্চায়ত নিৰ্বাচনত অকলে প্ৰতিদ্বন্দিতা কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে‌ বুলি শৰ্মাই সংবাদমাধ্যমক জনায় ৷  

লগতে তেওঁ কয় যে আগন্তুক লোকসভা নিৰ্বাচন সম্পৰ্কে অসম তৃণমূল কংগ্ৰেছ বৰ্তমান কোনোধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই। লোকসভা নিৰ্বাচনত অসম তৃণমূল কংগ্ৰেছে কোনো ৰাজনৈতিক দলৰ লগত উমৈহতীয়া বুজাবুজি কৰি নিৰ্বাচনত অৱতীৰ্ণ হ’ব নে নাই সেয়া কেন্দ্ৰীয় নেতৃত্বই সিদ্ধান্ত ল'ব । তাৰ পিছতহে অসম তৃণমূল কংগ্ৰেছে লোকসভা নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুত কৰিব ।  

আনহাতে আগন্তুক মেঘালয় বিধানসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছে অতি ভাল ফলাফল কৰিব বুলি  দিলীপ কুমাৰ শৰ্মাই জনায় । মেঘালয়ত তৃণমূল কংগ্ৰেছে চৰকাৰ গঠন কৰাৰ সম্ভাৱনাও ব্যক্ত কৰে শৰ্মাই  ৷

উল্লেখ্য যে 2018 চনত গাঁও পঞ্চায়তৰ সদস্যৰ মুঠ ২১৯৯০খন আসনৰ বাবে হৈছিল নিৰ্বাচন । ইয়াত নিৰ্বাচনত কংগ্ৰেছ দলে লাভ কৰে ৬৭৪০খন আসন, অসম গণ পৰিষদে লাভ কৰে ১৪৯৬খন আসন, চি পি আয়ে লাভ কৰে ৪খন, চি পি আই(এম)য়ে লাভ কৰে ৩১খন আসন, চি পি আই (এম এল)য়ে ৪খন, এ আই ইউ ডি এফে ১০০১খন, বি পি এফে ৫৪খন, নিৰ্দলীয় প্ৰাৰ্থীয়ে ২৫৪৩খন, তৃণমূল কংগ্ৰেছে ২খন আসন। ৰাজ্যখনৰ মুঠ ২৬খন জিলা আৰু ১৪টা মহকুমাত দুটা পৰ্যায়ত অনুষ্ঠিত হৈছিল পঞ্চায়ত নিৰ্বাচন ।

লগতে পঢ়ক: Minister Ashok Singhal in Sivasagar: পুৱাতে শিৱসাগৰ চহৰ ভ্ৰমণ মন্ত্ৰী অশোক সিংহলৰ

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.