thumbnail

By

Published : Jul 12, 2023, 7:46 PM IST

ETV Bharat / Videos

West Bengal panchayat election results: উৎসৱ মুখৰ পৰিৱেশ অসম তৃণমূল কংগ্ৰেছৰ কাৰ্যালয়ত

গুৱাহাটী, ১২ জুলাই : মহানগৰীৰ জয়ানগৰস্থিত অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ কাৰ্যালয়ত উৎসৱ মুখৰ পৰিৱেশ । পশ্চিম বংগৰ পঞ্চায়ত নিৰ্বাচনত মমতা বেনাৰ্জীৰ নেতৃত্বত তৃণমূল কংগ্ৰেছৰ অভূতপূৰ্ব ফলাফলক লৈ উৎসাহিত অসম প্ৰদেশ তৃণমূল কংগ্ৰেছ । এনে ফলাফলৰ বাবেই বুধবাৰে জয়ানগৰস্থিত অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ কাৰ্যালয় চৌহদত কৰ্মীসকলে ফটকা ফুটাই জয়ধ্বনি দি উদযাপন কৰে বিজয় উৎসৱ ।

পশ্চিম বংগৰ প্ৰতিখন জিলাত ৰাইজৰ ব্যাপক সঁহাৰি পাইছে তৃণমূল কংগ্ৰেছে । ভোটৰ বৃহৎ ব্যৱধান আছে বিজেপি আৰু তৃণমূল কংগ্ৰেছৰ মাজত । বিজেপি, কংগ্ৰেছ আৰু চিপিআইএম এ একত্ৰিত হৈ তৃণমূলৰ বিৰুদ্ধে কেম্পেইনিং কৰিছিল যদিও সফল নহ’ল ।

শেহতীয়াকৈ পশ্চিম বংগৰ পঞ্চায়ত নিৰ্বাচনত সংঘটিত হোৱা হিংসাত্মক ঘটনা সন্দৰ্ভত মন্তব্য কৰি সভাপতি ৰিপুন বৰাই কয় যে পশ্চিম বংগৰ পঞ্চায়ত নিৰ্বাচনত তৃণমূলে নহয় বিজেপি, কংগ্ৰেছ আৰু চিপিআইএমে হে হত্যা হিংসা কৰিছে । য’ত আটাইতকৈ ক্ষতিগ্ৰস্থ হৈছে তৃণমূল কংগ্ৰেছৰ কৰ্মীসকল । আগন্তুক সময়ত অসমৰ জনসাধাৰণেও বিজেপিৰ বিৰোধিতা কৰি তৃণমূল কংগ্ৰেছৰ পক্ষত ভোটদান কৰিব বুলি আশাবাদী অসম তৃণমূল কংগ্ৰেছৰ সভাপতিগৰাকী ।

লগতে পঢ়ক : TMC Leader Ripun Bora: নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাৰ কথা নুশুনে উত্তৰ-পূৰ্বাঞ্চলে; ৰিপুন বৰা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.