Odisha Train Accident: নৈতিক দায়িত্ব স্বীকাৰ কৰি ৰে'ল মন্ত্ৰীয়ে পদত্যাগ কৰক; ৰিপুণ বৰা - Pay tribute to victims of Balasore Train Tragedy
🎬 Watch Now: Feature Video
গুৱাহাটী, 4 জুন: ওড়িশাৰ বালাচুৰত সংঘটিত হোৱা হৃদয় বিদাৰক ৰে’ল দুৰ্ঘটনাই সমগ্ৰ দেশৰ লগতে অসমতো শোকৰ ছাঁ পেলাইছে ৷ অসম তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা দেওবাৰে সন্ধিয়া গণেশগুৰিত ওড়িশাত সংঘটিত হোৱা ভয়াৱহ ৰে'ল দুৰ্ঘটনাত নিহতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় (Assam TMC Chief Ripun Bora) ৷
অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত দলীয় নেতা-কৰ্মীসকলে হাতে হাতে মমবাতি লৈ মৃতকৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে আহতসকলৰ আশু-আৰোগ্য কামনা কৰে (Odisha Train Accident) ৷ এই অনুষ্ঠানতে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত সভাপতি ৰিপুণ বৰাই কেগৰ প্ৰতিবেদনত ৰে'লৱেৰ সুৰক্ষা ব্যৱস্থা বৃদ্ধিৰ সন্দৰ্ভত দিয়া পৰামৰ্শ নৰেন্দ্ৰ মোদী চৰকাৰে আওকাণ কৰাৰ বাবেই এনে শোকাৱহ ঘটনা সংঘটিত হ'বলৈ পালে বুলি অভিযোগ কৰে (Ripun Bora Reacts Over Odisha Train Accident) ৷
আনহাতে নৈতিক দায়িত্ব স্বীকাৰ কৰি ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱক পদত্যাগ কৰিবলৈ দাবী জনায় অসম তৃণমূল কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷ কাৰ্যসূচীত কামৰূপ মহানগৰ জিলা তৃণমূল কংগ্ৰেছ, অসম তৃণমূল মহিলা কংগ্ৰেছ, অসম তৃণমূল যুৱ কংগ্ৰেছৰ কৰ্মীসকলেও অংশগ্ৰহণ কৰে (Pay tribute to victims of Balasore Train Tragedy) ৷