National Sub Junior Taekwondo Championship: ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বলি উঠিল টিংখাঙৰ এগৰাকী কিশোৰী

By

Published : Apr 4, 2023, 2:15 PM IST

thumbnail

ডিব্ৰুগড়, 4 এপ্ৰিল: ক্ৰীড়াৰ ক্ষেত্ৰখনত শেহতীয়াকৈ ৰাজ্যবাসীলৈ পুনৰ এক ভাল খবৰ আনিছে টিংখাঙৰ এগৰাকী কিশোৰীয়ে । টিংখাঙৰ আজিজবাগ চিলিং গ্ৰাণ্ট গাঁৱৰ নিপেন গগৈ আৰু বৰষা গগৈৰ কন্যা ছায়ামণি গগৈয়ে ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগিতাত পদক আজুৰি আনিবলৈ‌ সক্ষম হৈছে (Assam tingkhong girl won silver medal at Taekwondo Championship) । যোৱা 25, 26‌ আৰু 27 মাৰ্চত উৰিষ্যাৰ কটকত জৱাহৰলাল নেহেৰু ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা 36 সংখ্যক "National Sub-Junior Taekwondo Championship 2023" ত ছোৱালীৰ 32 কেজি শাখাত ৰূপৰ পদক পাবলৈ সক্ষম হয় ছায়ামণি ।

উল্লেখ্য যে 12 বছৰীয়া ছায়ামণি গগৈয়ে ইয়াৰ পূৰ্বে ৰাজ্যিক পৰ্যায়ত টাইকোৱাণ্ডো প্ৰতিযোগিতাত তিনিবাৰকৈ সোণৰ আৰু এবাৰ ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হৈছে । কিশোৰী গৰাকীয়ে দীৰ্ঘদিনীয়া কঠোৰ অনুশীলনেৰ অন্তত এই সফলতা আজুৰি অনাৰ পিছতে অঞ্চলবাসী উৎফুল্লিত হৈ পৰা দেখা যায় । আটাছু টিংখাং আৰু ৰাজগড় অঞ্চলিকৰ নেতৃবৃন্দ ছায়ামণি গগৈৰ গৃহত উপস্থিত হৈ সম্বৰ্ধনা জ্ঞাপন কৰে ।

লগতে পঢ়ক : IPL 2023 Guwahati Match : ৫ এপ্ৰিলত বৰ্ষাপাৰাত ৰাজস্থান ৰয়েলছ বনাম পঞ্জাব কিংছ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.