thumbnail

By ETV Bharat Assamese Team

Published : Oct 8, 2023, 2:28 PM IST

ETV Bharat / Videos

Religious Seminar: চতিয়াত অসম সত্ৰ মহাসভাৰ আলোচনা চক্ৰ

চতিয়া,৮ অক্টোবৰ: সদৌ অসম সত্ৰ মহাসভা শোণিতপুৰ জিলা কমিটিৰ উদ্যোগত শনিবাৰে বিয়লি জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত পাতলৰচুক গাঁৱৰ নামঘৰত এখনি গাম্ভীৰ্যপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয় ৷ সদৌ অসম সত্ৰ মহাসভাৰ সভাপতি হৰিদেৱ গোস্বামীৰ সঞ্চালনাত অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ আলোচনা চক্ৰখনিত মুখ্য বক্তা ৰূপে অংশগ্ৰহণ কৰি অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি তথা আই কনকলতা মহিলা তীৰ্থৰ মূখ্য উপদেষ্টা মৃণালীনি দেৱীয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তাত্বিক দৰ্শনৰ ওপৰত সাৰমৰ্ম বাখ্যা কৰি বক্তব্য আগবঢ়ায় ৷  

উক্ত আলোচনা সভাত মূখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই গুৰুজনাৰ আদৰ্শ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত সদৌ অসম সত্ৰ মহাসভাই লৈ অহা পদক্ষেপক আদৰণি জনায় ৷ যুৱ সমাজকৰ্মী মিংকু কলিতাই আঁত ধৰা সভাখনিত অসম সত্ৰ মহাসভাৰ লক্ষ্য, উদ্দেশ্য, আদৰ্শ আৰু নীতিৰ ওপৰত বাখ্যা আগবঢ়াই সদৌ অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক প্ৰান্তিক গোস্বামী, আই কনকলতা মহিলা তীৰ্থৰ সাধাৰণ সম্পাদিকা অমিয়া পাটৰে ৷ প্ৰায় ৫ শতাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত সভাখনিত অসমৰ কেবাখনো সত্ৰৰ সত্ৰাধিকাৰ সহিতে বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক: Bhuban Gam on Congress; বিজেপিৰ মন্ত্ৰী-বিধায়কসকল ৰজা হৰিচন্দ্ৰ দৰে দানবীৰ: ভূৱন গাম

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.