গোলাঘাটতো অনুষ্ঠিত হৈছে ২০২৩-২৪ বৰ্ষৰ সাংস্কৃতিক মহাসংগ্ৰাম - খুমটাই বিধায়ক মৃণাল শইকীয়া
🎬 Watch Now: Feature Video
Published : Nov 17, 2023, 9:59 PM IST
গোলাঘাট, 17 নৱেম্বৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গোলাঘাটতো চলিছে সাংস্কৃতিক মহাসংগ্ৰাম ২০২৩-২৪ৰ প্ৰতিদ্বন্দিতা । গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ অন্তৰ্গত উত্তৰ উন্নয়ন খণ্ডৰ সভাকক্ষত পূব মিছামৰা আৰু মধ্য মিছামৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত গাঁওসমূহৰ প্ৰতিযোগীসকলৰ মাজত অনুষ্ঠিত হয় গীতৰ প্ৰতিযোগিতা ।
প্ৰায় শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা উক্ত প্ৰতিযোগিতাত উপস্থিত থাকে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া । বিধায়ক মৃণাল শইকীয়াই উক্ত সাংস্কৃতিক মহাসংগ্ৰাম ২০২৩-২৪ প্ৰতিযোগিতাত উপস্থিত থাকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শলাগ লয় ৷
তেওঁ কয় যে গাঁৱৰ সুপ্ত প্ৰতিভাসমূহ উলিয়াই অনাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে উক্ত পদক্ষেপ গ্ৰহণ কৰিছে ৷ যাৰ দ্বাৰা ভিতৰুৱা গাঁৱৰ লুপ্ত প্ৰতিভাসমূহ অসম তথা ভাৰতৰ বৰ্ষত আগস্থান পাব পাৰে ।
উল্লেখ্য যে, তৃণমূল পৰ্যায়ত সাংস্কৃতিক প্ৰতিভাসমূহক উলিয়াই অনাৰ উদ্দেশ্যে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে আয়োজন কৰিছে অসম সাংস্কৃতিক মহাসংগ্ৰাম 2023-24 ৷
লগতে পঢ়ক : Assam Sanskritik Mahasangram: অসমৰ সংস্কৃতি ৰক্ষাক লৈ চিন্তিত সাংস্কৃতিক মন্ত্ৰী বিমল বড়া