Dhemaji police BMI test: ধেমাজিত টেষ্ট দিবলৈ পুৱাৰে পৰা আৰক্ষীৰ শাৰী

By

Published : Aug 16, 2023, 5:28 PM IST

thumbnail

ধেমাজি, 16 আগষ্ট : বুধবাৰৰ পৰা ৰাজ্যত আৰম্ভ হৈছে বডি মাছ ইনডেস্ক টেষ্টিং ৷ 31 আগষ্টলৈকে চলিব এই টেষ্টিং ৷ ধেমাজিতো দেখা গ’ল আৰক্ষী বিষয়া, কনিষ্টবলৰ দীঘলীয়া শাৰী ৷ মেদবহুল হৈ পৰা অসম আৰক্ষীক ফিট ৰখাৰ উদ্দেশ্য অসম চৰকাৰে গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ অংশ হিচাপে আৰক্ষীৰ শাৰীৰিক সক্ষমতাৰ পৰীক্ষা BMI পৰীক্ষা আৰম্ভ কৰা হৈছে । 

ধেমাজিত আৰক্ষীৰ আন আন বিষয়া-জোৱানৰ সৈতে শাৰীপাতি BMI পৰীক্ষাত অৱতীৰ্ণ হৈছে খোদ আৰক্ষী অধীক্ষকো ৷ জিলাখনত কৰ্মৰত আৰক্ষী বিভাগৰ বিষয়া-জোৱানসকলে উচ্চতা অনুসৰি থাকিব লগা ওজনৰ জোখ মাপ দিবলৈ পুৱাৰে পৰা এনেদৰে শাৰী পতা দেখা গ’ল জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয় চৌহদত স্থাপন কৰা বডি মাছ ইনডেস্ক কেন্দ্ৰত ৷

লগতে পঢ়ক : Assam police BMI test : বি এম আই পৰীক্ষাত অৱতীৰ্ণ মৰিগাঁও আৰক্ষী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.