ৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতালৈ সাজুু অসমৰ 7 খেলুৱৈ - International Yoga Competition
🎬 Watch Now: Feature Video


Published : Dec 11, 2023, 10:02 AM IST
ধেমাজি, 11 ডিচেম্বৰ : যোগাসন ভাৰতৰ উদ্যোগত পঞ্জাবৰ জলন্ধৰত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাত ৷ উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে ইতিমধ্যে সাজু হৈছে অসমৰ খেলুৱৈসকল ৷ অসমৰ হৈ ধেমাজি জিলাৰ 7 গৰাকী খেলুৱৈয়ে ৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতা অংশগ্ৰহণ কৰিব ৷ ইফালে 17-19 ডিচেম্বৰলৈকে অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাত অংশগ্ৰণ কৰিব লগীয়া অসমৰ খেলুৱৈসকল হ’ল জিমি সোণোৱাল, ঝৰ্ণা সোণোৱাল, ৰাণী সোণোৱাল, ৰিম্পী গগৈ, ৰিংকু শইকীয়া, লেৰিনা সোণোৱাল আৰু তৃষ্ণা সোণোৱাল ৷
ইতিমধ্যে আটাইকেইগৰাকীয়ে খেলুৱৈয়ে দিনে নিশাই ধেমাজি বাটঘৰীয়াৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অব্যাহত ৰাখিছে পূৰ্ণগতিত অনুশীলন ৷ ইফালে অহা 15 ডিচেম্বৰত যোগাসন দলটো গুৱাহাটীৰ পৰা পঞ্জাবৰ জলন্ধৰলৈ ৰাওনা হ’ব বুলি উল্লেখ কৰে ধেমাজি জিলা যোগাসন ক্ৰীড়া সন্থাৰ সম্পাদক তথা প্ৰশিক্ষক পুলেন দাসে ৷
লগতে পঢ়ক : চৰকাৰলৈ বাট চাই চকুলো টুকিছে অসম আন্দোলনৰ শ্বহীদৰ পৰিয়ালে