All India Muay Thai Cup 2023: মুৱাই থাই খেলত উজলিল গোলাঘাটৰ খেলুৱৈ - মুৱাই থাই খেলত উজলিল অসমৰ লগতে গোলাঘাটৰ খেলুৱৈ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Feb 11, 2023, 3:07 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

গোলাঘাট,১১ ফ্ৰেব্ৰুৱাৰী: ৰাজ্যত যেন ক্ৰীড়াৰ এক বিশেষ পৰিৱেশ গঢ় লৈ উঠিছে । অসমৰ খেলুৱৈয়ে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ তথা পদক অৰ্জন কৰি গৌৰৱ কঢ়িয়াইছে ৰাজ্যলৈ । লাভলীনা বৰগোঁহাই তথা অন্যান্য ক্ৰীড়াবিদৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আগুৱাই গৈছে অসমৰ খেলুৱৈসকল । পুনৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে কেইবাগৰাকী খেলুৱৈয়ে(Assam player wins medal at Muay Thai Cup) । 

আন্তঃৰাজ্যিক মুৱাই থাই খেলত গৌৰৱ অৰ্জন কৰিলে অসমৰ মুৱাই থাই খেলুৱৈয়ে । অসমৰ হৈ প্ৰতিনিধিত্ব কৰা ৫৬ জন মুৱাই থাই খেলুৱৈয়ে আন্তঃৰাজ্যিক পৰ্যায়ত কঢ়িয়াই আনিলে সুনাম । এইবাৰ মুৱাই থাই খেলত চমক সৃষ্টি কৰি অসমলৈ আহিল ২৫ টা সোণ, ২২ টা ৰূপ আৰু ৯ টা ব্ৰঞ্জৰ পদক । ইয়াৰে গোলাঘাটৰ তিনিগৰাকী খেলুৱৈয়ে এটা সোণ, দুটা ৰূপৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছে । 

গোলাঘাটৰ মৃণ্ময় গগৈয়ে সোণৰ পদক, শান্তমণি বৰা আৰু শুভজিৎ গগৈয়ে এটাকৈ ৰূপৰ পদক অৰ্জন কৰে(Golaghat player wins medal at Muay Thai Cup) । এই তিনিওগৰাকী গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ বুলি জানিব পৰা গৈছে । মধ্যপ্ৰদেশৰ ইনড'ৰ পাব্লিক স্কুলত অনুষ্ঠিত হোৱা "অল ইণ্ডিয়া মুৱাই থাই কাপ 2023 " ত(All India Muay Thai Cup 2023) অসমৰ ৮৫ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল । ইয়াৰ সৰ্বমুঠ ৫৬ গৰাকী খেলুৱৈয়ে পদক অৰ্জন কৰিবলৈ সক্ষম হয় । 

এয়া অসমৰ ক্ৰীড়াজগতৰ বাবে এক সু-খবৰ । যাৰ বাবে প্ৰশিক্ষক ৰিংকু শৰ্মাই চৰকাৰক এই খেলৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ধৰণে সহায় কৰিবলৈ আহ্বান জনোৱাৰ উপৰিও খুমটাই সমষ্টিৰ বিধায়ক মৃনাল শইকীয়াক সমষ্টিৰ মুৱাই থাই খেল খেলা খেলুৱৈসকলক উৎসাহিত কৰিবৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনায় । প্ৰশিক্ষক ক্ৰমে প্ৰশান্ত দাস, শুভম চৌধুৰী আৰু ৰিংকু শৰ্মাৰ নেতৃত্বত অংশগ্ৰহণ কৰিছিল অসম খেলুৱৈ দলটোৱে । নতুনকৈ মানুহৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ লোৱা মুৱাই থাই খেলে বৰ্তমান অসমত বিশেষ চৰ্চা লাভ কৰিছে । 

লগতে পঢ়ক: Drugs seized in Titabor: তিতাবৰত ড্ৰাগছসহ আৰক্ষী জালত তিনি যুৱক

Last Updated : Feb 14, 2023, 11:34 AM IST

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.