দলং ভাগি বাগৰিল বাহন, অসম-নাগালেণ্ডৰ যাতায়ত ব্যৱস্থা ব্যাহত - Assam Nagaland transport system disrupted
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/15-12-2023/640-480-20272392-thumbnail-16x9-fire22.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Dec 15, 2023, 10:42 AM IST
মৰাণ, 15 ডিচেম্বৰ : অসম-নাগালেণ্ড সীমান্তত হাহাকাৰ পৰিস্থিতি ৷ শুকুৰবাৰে অসম নাগালেণ্ড সীমান্তৰ নামতোলাত থকা দলংখন ভাগি পৰাৰ লগে লগে দুয়োখন ৰাজ্যৰ মাজত যাতায়ত ব্যৱস্থাত ব্যাঘাত জন্মিছে ৷ নাগালেণ্ডৰ গ্ৰীণ প্লাই ফেক্টৰীৰ পৰা বহিঃৰাজ্যলৈ প্লাইব’ৰ্ড কঢ়িওৱা AP02TE4623 নম্বৰৰ এখন বাহন দলংখনৰ পৰা বাগৰি পৰাত ভাগি পৰে অতি পুৰণি দলংখন। এই দুৰ্ঘটনাত কোনো লোক নিহত হোৱা নাই যদিও যাতায়ত বন্ধ হোৱাত বিপদত পৰিছে স্থানীয় ৰাইজ ৷
লক্ষণীয় যে, অসম-নাগালেণ্ড সীমান্তৰ মন জিলাৰ অসমলৈ যাতায়ত কৰিব পৰা এইটোৱেই একমাত্ৰ পথ আছিল ৷ আজি এই পথটোৰ ওপৰত থকা দলংখন এনেদৰে ভাগি পৰাত পুৱাৰে পৰা দুয়োখন ৰাজ্যৰ লোকৰ যায়াতত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে ৷ অনাগত দিনত দলংখন মেৰামতি নকৰিলে দুয়োখন ৰাজ্যৰ মাজত যাতায়ত বিচ্ছিন্ন হৈ পৰিব বুলি স্থানীয় লোকে মত প্ৰকাশ কৰে ৷
লগতে পঢ়ক: আছুত থকা অপশক্তি কোন ?