Miya Museum: মুকলি আকাশৰ তললৈ মিঞা মিউজিয়ামৰ প্ৰতিষ্ঠাপক-উদ্বোধক - মিঞা পৰিষদৰ সভাপতি মহৰ আলী
🎬 Watch Now: Feature Video
আঢ়ৈ মাহৰ বন্দিত্বৰ অন্তত মুকলি আকাশৰ তললৈ আহিল মিঞা মিউজিয়ামৰ(Miya museum) দুই কাণ্ডাৰী ৷ উল্লেখ্য যে, 2022 বৰ্ষৰ অক্টোবৰ মাহত বঙাইগাঁৱত মিঞা মিউজিয়াম(Bongaigaon Miya Museum) স্থাপন কৰাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পিছতে গ্ৰেপ্তাৰ কৰা হৈছিল মিঞা পৰিষদৰ(Miya Parshad) সভাপতি মহৰ আলী সহ মিঞা মিউজিয়ামৰ উদ্বোধক তনু ধাদুমিয়াক ৷ স্মৰ্তব্য যে, 2022 বৰ্ষৰ 17 অক্টোবৰত ঘগ্ৰাপাৰ আৰক্ষীয়ে হাবেল আলী আৰু আবু ৰায়হান নামৰ দুটা জেহাদীক গ্ৰেপ্তাৰ কৰা কৰিছিল ৷ সেই দুই জেহাদীৰ স্বীকাৰোক্তিৰ ভিত্তিতে জেহাদীৰ কাৰ্যকলাপত জড়িত থকাৰ সন্দেহত ঘগ্ৰাপাৰ আৰক্ষী থানাত গোচৰ ৰুজু হৈছিল মিঞা পৰিষদৰ তিনিজনকৈ নেতাৰ বিৰুদ্ধে ৷ ইয়াৰ ভিতৰত আছিল মিঞা পৰিষদৰ সভাপতি মহৰ আলী, উপ-সভাপতি আব্দুল বাতেন আৰু মিঞা মিউজিয়াম উদ্বোধক তনু ধাদুমিয়া । তিনিওকে গোৱালপাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা পিছতেই প্ৰেৰণ কৰা হৈছিল কাৰাগাৰলৈ ৷ কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ এমাহৰ পিছতেই মুকলি কৰি দিয়া হৈছিল মিঞা পৰিষদৰ উপ সভাপতি আব্দুল বাতেনক আৰু অৱশেষত আঢ়ৈ মাহৰ অন্তত বুধবাৰে মুকলি আকাশৰ তললৈ আহে মিঞা পৰিষদৰ সভাপতি মহৰ আলী আৰু উদ্বোধক তনু ধাদুমিয়া ৷
Last Updated : Feb 3, 2023, 8:38 PM IST