ৰাজ্যৰ দহ গৰাকী বিশিষ্ট ব্যক্তিক চৰকাৰে প্ৰদান কৰিব পৰিৱেশ মিত্ৰ সন্মান
🎬 Watch Now: Feature Video
আজি বিশ্ব পৰিৱেশ দিৱস (World environment day 2022) । সমগ্ৰ দেশতে পালন কৰা হৈছে এই দিৱস । এই বিশেষ দিনটোতে অসম চৰকাৰৰ এক গুৰুত্বপূৰ্ণ ঘোষণা (Assam govt special announcement on environment day)। বিশ্ব পৰিৱেশ দিৱসৰ দিনাই ১০ গৰাকী বিশিষ্ট ব্যক্তিলৈ অসম চৰকাৰে প্ৰদান কৰিব পৰিৱেশ মিত্ৰ সন্মান । পৰিৱেশ সংৰক্ষণৰ দিশত আগবঢ়োৱা বিশেষ অৱদানৰ বাবেই ব্যক্তিসকলক এই সন্মান প্ৰদান কৰা হ'ব (Assam govt to confer Poribesh Mitra Samman)। কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্ত এই কথা ঘোষণা কৰে । ইফালে, ৰাজ্যৰ ৩ খন মহাবিদ্যালয়ক শ্ৰেষ্ঠ ই’ক ক্লাৱৰ সন্মানো আগবঢ়োৱা হ'ব । ৫ খন বিদ্যালয়ক শ্ৰেষ্ঠ ই’ক ক্লাৱ সন্মান প্ৰদান কৰিব অসম চৰকাৰে । শ্ৰেষ্ঠ মহাবিদ্যালয় পৰিৱেশ আৰু জলবায়ু কোষ সন্মানো ৩ মহাবিদ্যালয়ক প্ৰদান কৰা হ'ব । এই বঁটাসমূহ ৰাষ্ট্ৰীয় সেউজ বাহিনী আৰু এছটেকৰ জলবায়ু কোষৰ উদ্যোগত প্ৰদান কৰা হ'ব । ইফালে মুখ্যমন্ত্ৰীৰ প্ৰতিষ্ঠানিক বনানীকৰণ প্ৰকল্প নামৰ নতুন আঁচনিখনো ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে ।
Last Updated : Feb 3, 2023, 8:23 PM IST
TAGGED:
World environment day 2022