thumbnail

By ETV Bharat Assamese Team

Published : Aug 26, 2023, 8:10 PM IST

ETV Bharat / Videos

ADTU Convocation: অসম আৰক্ষীৰ উপ-আৰক্ষী মহাপৰিদৰ্শক পাৰ্থসাৰথি মহন্তলৈ সন্মানীয় পি.এইচ. ডি ডিগ্ৰী

গুৱাহাটী, ২৬ আগষ্ট : মহানগৰীৰ পানীখাইতীস্থিত অসম ডাউন টাউন বিশ্ববিদ্যালয়ত অনুষ্ঠিত হয় দশম সমাবর্তন অনুষ্ঠান । পুৱা ১০ বজাৰ পৰা অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ চৌহদত অনুষ্ঠিত হোৱা এই সমাবর্তন অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়া ।

এই অনুষ্ঠানত শাৰদ মেহৰালৈ ডি. লিট. উপাধি প্ৰদান কৰা হয় । আনহাতে সমাবর্তন এই অনুষ্ঠানত অসম আৰক্ষীৰ উপ আৰক্ষী মহাপৰিদৰ্শক IPS পাৰ্থসাৰথি মহন্তলৈ " A Study on Challenges and Practices for Achieving Work-Life Balance in Police Profession with Special Reference to Guwahati Police Commissionerate" শীৰ্ষক বিষয়ত গৱেষণা গ্ৰন্থৰ বাবে সন্মানীয় পি.এইচ. ডি ডিগ্ৰী প্ৰদান কৰা হয় ।

অনুষ্ঠানত জ্যেষ্ঠ আৰক্ষী বিষয়া পাৰ্থসাৰথি মহন্তৰ লগতে অন্য ২৬ গৰাকীক Phd ডিগ্ৰী, ৩৪৮ গৰাকী স্নাতকোত্তৰ আৰু ১০৬৩ গৰাকীক স্নাতক ডিগ্ৰী প্ৰদান কৰা হয় । 

লগতে পঢ়ক : Assam Governor Barpeta visit:বৰপেটাত উপস্থিত ৰাজ্যপাল কাটাৰীয়া

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.