Assam Governor visits in Jorhat: তিনিদিনীয়া ভ্ৰমণসূচীৰে যোৰহাটত উপস্থিত গুলাব চান্দ কাটাৰীয়া

By

Published : Mar 26, 2023, 3:34 PM IST

thumbnail

যোৰহাট, 26 মাৰ্চ : তিনিদিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে যোৰহাটত উপস্থিত হয় নৱনিযুক্ত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া (Assam Governor visits in Jorhat)। অসমৰ ৰাজ্যপাল হিচাবে দায়িত্ব লোৱাৰ পাচতে প্ৰথমবাৰৰ বাবে অসম কৃষি বিশ্ববিদ্যালয় উপস্থিত হয় ৰাজ্যপালগৰাকী (Assam Governor Gulab Chand Kataria visits Assam Agricultural University) ।

শনিবাৰে কৃষি বিশ্ববিদ্যালয়ৰ বিশেষ সভাকক্ষত আয়োজিত এক সভাত অংশগ্ৰহণ কৰাৰ অন্তত অসম মহিলা বিশ্ববিদ্যালয় পৰিদৰ্শন কৰে ৰাজ্যপাল কাটাৰীয়াই ৷ তাৰ পাচত তেওঁ উপস্থিত হয় ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত (Assam Governor visits at Dhekiakhowa Bornaamghar) ।

সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত ৰাজ্যপাল কাটাৰীয়াই কৃষি বিশ্ববিদ্যালয় সন্দৰ্ভত কয়, ‘‘মই নিজকে সৌভাগ্যৱান বুলি ভাবো । গ্ৰাম্য অৰ্থনীতিৰ বাবে কৃষি অপৰিহাৰ্য অংগ । যেতিয়ালৈক আৰ্থিক দিশত আমি টনকিয়াল নহও, তেতিয়ালৈ আমি প্ৰত্যাহ্বান গ্ৰহণ কৰিব লাগিব । গ্ৰাম্য সমাজৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ বহু কৰণীয় আছে আৰু থাকিব’’  ।

লগতে পঢ়ক : Khalistan Supporters Threatening: বিমানযাত্ৰীক ভাবুকিপূৰ্ণ ফোন খালিস্তানী সমৰ্থকৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.