Assam Governor press meet in Bongaigaon:বঙাইগাঁৱত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াৰ সংবাদমেল

By

Published : May 31, 2023, 2:07 PM IST

thumbnail

বঙাইগাঁও, 31 মে’ : মংগলবাৰে সন্ধিয়া বঙাইগাঁৱত উপস্থিত হয় ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া (Assam Governor Gulab Chand Kataria ) ৷ জিলাখনত উন্নয়ন মূলক আচঁনিসমূহ পৰ্যবেক্ষণ কৰা উদ্দেশ্যেই বঙাইগাঁৱত উপস্থিত হয় ৰাজ্যপালগৰাকী (Assam Governor press meet in Bongaigaon) ৷ জিলা উপায়ুক্ত সভাকক্ষত আঁচনিসমূহ কিদৰে ৰূপায়ণ হৈছে তাক লৈ জিলাখনৰ বিষয়ববীয়াৰ সৈতে আলোচনাত মিলিত হয় গুলাব চান্দ কাটাৰিয়া  ।

জিলা উপায়ুক্তকে ধৰি জিলাখনৰ কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে এই সভাত । কাম-কাজসমূহ পৰ্যালোচনা কৰি জিলাখনত সঠিকভাৱে আঁচনিসমূহ ৰূপায়ণ হৈ আছে বুলি অনুভৱ প্ৰকাশ কৰে তেওঁ আৰু কিছু কাম লেহেমীয়া হৈ আছে যদিও খৰটকীয়া কৰাৰ উপদেশ দিয়ে গুলাব চান্দ কাটাৰিয়াই ( Governor press meet in Bongaigaon) ৷ উক্ত সভাখনত পূৰ্বৰ তুলনাত অসমখন বহু আগবাঢ়ি গৈছে বুলি মন্তব্য কৰে ৰাজ্যপাল কাটাৰিয়াই ।

লগতে পঢ়ক : Nepal PM Visit: চাৰিদিনীয়া কাৰ্যসূচীৰে আজি ভাৰতত উপস্থিত হ’ব নেপালৰ প্ৰধানমন্ত্ৰী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.