Assam Gaurav winner dishonour: সোণাৰিত অসম গৌৰৱ বঁটা প্ৰাপকক অপমান শিক্ষকৰ

By

Published : Apr 20, 2023, 1:24 AM IST

thumbnail

মৰাণ, ১৯ এপ্ৰিল: অসম গৌৰৱ বঁটাপ্ৰাপক শীলা গোৱালাক সোণাৰি নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ত একাংশ শিক্ষকে অপদস্থ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে (Dishonour of Assam Gaurav in Sonari)। আশাকৰ্মী শীলা গোৱালাই যোৱা ১৭ এপ্ৰিলত দুই পুত্ৰৰ নামভৰ্তিৰ বাবে উপস্থিত হৈছিল সোণাৰি নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ত (Sonari Nagar Higher Secondary School )। কিন্তু সময়মতে মাছুল পৰিশোধ কৰিব নোৱাৰাৰ বাবে দুই পুত্ৰৰ পৰীক্ষাৰ ফলাফল স্থগিত ৰখা বুলি জানিব পাৰি বিদ্যালয়খনৰ প্ৰধান শিক্ষকক বিষয়তো অৱগত কৰে শীলা গোৱালাই । তেনে সময়তে বিদ্যালয়খনৰ কেইগৰাকীমান শিক্ষকে মাতৃৰ সন্মুখতে ছাত্ৰ দুজনক পঢ়া-শুনা বাদ দি গেৰেজত কাম কৰিবলৈ পৰামৰ্শ দিয়ে (Allegation against teacher in Sonari) ।  

শিক্ষক কেইগৰাকীৰ এই কথা শুনি হতভম্ব হৈ কান্দোনত ভাগি পৰে অসম গৌৰৱ বঁটা প্ৰাপকগৰাকী । ইয়াৰ পৰিণতিত মনোকষ্ট পাই সোমবাৰে পুৱাই ঘৰৰ পৰা ওলাই যোৱা শীলা গোৱালাৰ জ্যেষ্ঠ পুত্ৰ হিমাংশু গোৱালা আজিলৈকে নিৰুদ্দেশ হৈ আছে । পুত্ৰক বিচাৰি শোকত ভাগি পৰিছে মাতৃগৰাকী । উল্লেখযোগ্য যে ৰাজ্যৰ চৰকাৰে আশাকৰ্মী হিচাপে নিষ্ঠাৰে সেৱা আগবঢ়োৱা বাবেই শীলা গোৱালাক প্ৰদান কৰিছিল অসম গৌৰৱ বঁটা (Assam Gaurav Sheila Gowala)।  

লগতে পঢ়ক:AAP Press Meet: হিমন্ত বিশ্ব শৰ্মাৰ দিনত মূল্যবৃদ্ধিয়েও বিশ্বৰেকৰ্ড গঢ়িব; কমল কুমাৰ মেধি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.