কাঠফুলা খেতিয়ক বসন্ত চিৰিং ফুকনলৈ 'অসম গৌৰৱ বঁটা', উৎফুল্লিত তিতাবৰবাসী - অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jan 17, 2024, 2:02 PM IST

যোৰহাট, ১৭ জানুৱাৰী:ৰাজ্যৰ বিশিষ্ট কাঠফুলা খেতিয়ক যোৰহাটৰ সু সন্তান বসন্ত চিৰিং ফুকনলৈ আগবঢ়োৱা হৈছে 'অসম গৌৰৱ বঁটা'। বিশিষ্ট কাঠফুলা খেতিয়ক যোৰহাট জিলাৰ তিতাবৰ মহকুমাৰ বসন্ত চিৰিং ফুকনে লাভ কৰিছে ৰাজ্য চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান 'অসম গৌৰৱ বঁটা'। মঙলবাৰে 'অসম গৌৰৱ বঁটা' প্ৰাপক সকলৰ নাম ঘোষণা পাছতে আনন্দিত হৈ পৰিছে বিশিষ্ট কাঠফুলা খেতিয়ক বসন্ত চিৰিং ফুকন ।  

উল্লেখ্য় যে ২০০১ চনৰ পৰা কাঠফুলা খেতি কৰি আহিছে খেতিয়ক গৰাকীয়ে । তিতাবৰ বিৰিনাশায়েকৰ নিবাসী বসন্ত চিৰিং ফুকনে এই বঁটা লাভ কৰা পাছত অধিক উৎসাহি হৈ পৰিছে । বসন্ত চিৰিং ফুকনে বিজ্ঞান সন্মতভাৱে উৎপাদন কৰা কাঠফুলাই সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত সমাদৰ লাভ কৰাৰ লগতে বহি:ৰাজ্যলৈও যোগান ধৰা হৈছে । 

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি ' অসম বৈভৱ ','অসম সৌৰভ' আৰু 'অসম গৌৰৱ' বঁটাসমূহ ঘোষণা কৰে ।উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়ধীশ ৰঞ্জন গগৈলৈ এইবাৰ ৰাজ্য চৰকাৰে আগৱঢ়াইছে ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান 'অসম বৈভৱ বঁটা'।

লগতে পঢ়ক:2023 বৰ্ষৰ ভোগদৈপৰীয়া সাহিত্য বঁটা কবি-নাট্যকাৰ অখিল চক্রৱর্তীলৈ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.