Assam erosion news: গৰাখহনীয়া ৰোধৰ বাবে আল্লাহৰ শৰণাপন্ন বৰক্ষেত্ৰীবাসী - nalbari
🎬 Watch Now: Feature Video
নলবাৰী, ১১ আগষ্ট : ব্ৰহ্মপুত্ৰ নৈৰ বুকু উফন্দি উঠাত ক্ৰমাৎ বৃদ্ধি হৈছে নলবাৰী জিলাৰ বৰক্ষেত্ৰীত গৰাখহনীয়াৰ । বৰলুইতৰ প্ৰৱল ধ্বংসলীলাত বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছে নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ চৰাঞ্চলৰ ইখনৰ পিছত সিখন গাঁও । বিগত চাৰিদিনত ব্ৰহ্মপুত্ৰ নৈৰ জলপৃষ্ঠ বৃদ্ধি হোৱাত প্ৰৱল গৰাখহনীয়াৰ সৃষ্টি হৈছে শিয়ালমাৰী, কুৰিহামাৰী, বৰচুলীয়া আদিত । চকুৰ পলকতে নৈৰ বুকুত জাহ গৈছে এখন এখনকৈ গাঁও ।
আনহাতে চলিত সপ্তাহৰ তিনিদিনত শিয়ালমাৰী, কুৰিহামাৰী, বৰচুলীয়া গাঁও পঞ্চায়তৰ দহখনকৈ গাঁও নৈৰ বুকুত বিলীন হৈছে । নিশাটোৰ ভিতৰতেই প্ৰতিঘন্টাত নিচিহ্ন হৈ আছে একোখনকৈ গাঁও । যি দূৰ্দশা চাবলৈ আহৰি নাই স্থানীয় জনপ্ৰতিনিধি কিম্বা জলসম্পদ বিভাগৰ । জলসম্পদ বিভাগৰ অকৰ্মণ্যতাৰ ফল ভূগিবলগীয়া হৈছে চৰাঞ্চলৰ হাজাৰ হাজাৰ পৰিয়ালে । নৈৰ বুকুত আপোন ঘৰ, ভেটি, মাটি কেৱল খহি যোৱাটো স্বজল চকুৰে প্ৰত্যক্ষ কৰাৰ বাহিৰে যেন আন একো উপায় নাই তেওঁলোকৰ হাতত ।
নৈৰ বুকুত চৰাঞ্চল নি:শেষ হোৱাৰ পিচতো বিভাগীয় লোকৰ গুৰুত্বহীনতাত হাৰ মানি নেদেখাজনৰ ওপৰতেই এতিয়া শেষ ভৰষা কৰিবলগীয়া হৈছে উক্ত চৰ অঞ্চলৰ লোকসকলে । যাৰ বাবে ভাংনামাৰী, কুৰিহামাৰী, শিয়ালমাৰী, বৰচুলীয়া আদিৰ হাজাৰ হাজাৰ লোক একত্ৰিত হৈ নৈৰ পাৰত গৰাখহনীয়া ৰোধ কৰাৰ বাবে আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰে । শিয়ালমাৰী ৰাজহুৱা ঈদগাহ ময়দানত উক্ত চৰ অঞ্চলৰ ভেটি মাটি হেৰুওৱা হাজাৰ হাজাৰ জনতাই একত্ৰিত হৈ নেদেখাজনকে শেষ ভৰষা কৰি এনেদৰে দোৱা কৰা দেখা গ’ল ।
লগতে পঢ়ক : Flood in Nalbari : ফেনে ফুটুকাৰে বাঢ়িছে বৰ লুইত; নলবাৰীত গৃহহাৰা হৈ পৰিছে নৈপৰীয়া