thumbnail

By ETV Bharat Assamese Team

Published : Dec 25, 2023, 3:54 PM IST

ETV Bharat / Videos

কেবল সন্দেহৰ ওপৰতেই ৰাজ্যত চলিছে নেকি এনকাউণ্টাৰ ?

ৰঙিয়া, 25 ডিচেম্বৰ : ৰঙিয়াৰ যুৱকক পুৱতি নিশা আৰক্ষীৰ এনকাউন্টাৰ । আলফা স্বাধীনৰ লগত জড়িত থকাৰ সন্দেহ আৰক্ষীৰ । নিশাৰ ভাগত আৰক্ষীয়ে ৰঙিয়া নগৰৰ ৯ নং ৱাৰ্ডৰ শেৱালি পথৰ প্ৰাঞ্জল দাসৰ ঘৰৰ পৰা উদ্ধাৰ কৰে আলফা স্বাধীনৰ পতাকা । পিছে গোটেই ঘটনাটোক নাটকীয় আখ্যা দিছে প্ৰাঞ্জল দাস ওৰফে ভেলোৰ পৰিয়ালে । তেওঁলোকৰ মতে ঘৰত আলফাৰ পতাকা পূৰ্বে কোনেও প্ৰত্যক্ষ কৰা নাছিল ৷ ফাইনেন্স কোম্পানীত কৰ্মৰত গুলীবিদ্ধ প্ৰাঞ্জল দাস ‌। সম্প্ৰতি জি এম চি এইচত চিকিৎসাধীন হৈ আছে তেওঁ ।

প্ৰাঞ্জল দাসৰ এনকাউন্টাৰৰ খবৰ শুনাৰ পাচতে ঘৰত উঠে কান্দোনৰ ৰোল । প্ৰাঞ্জল দাসৰ এনকাউন্টাৰৰ পাচতে মাতৃ-পত্নীয়ে আগবঢ়াইছে ভাষ্য । পত্নীৰ মতে আৰক্ষীৰ জিম্মাৰ পৰা পলোৱা নাছিল প্ৰাঞ্জল দাস । সেই সময়ত থানা চৌহদতে আছিল পত্নী, মাতৃসহ সন্তান । ৰঙিয়া তিনিআলিৰ পৰা আৰক্ষীয়ে ধৰি লৈ যোৱা দেখিছিল সকলোৱে । সন্তানৰ বাবে ঔষধ আনিবলৈ ফোন কৰাৰ পাচত ফোন নধৰাত বন্ধুক ফোন কৰি খবৰ লোৱাতহে আৰক্ষীয়ে ধৰি নিয়া বুলি গম পাই পত্নীয়ে । আৰক্ষীৰ ভাষ্য অনুসৰি, আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰিছিল প্ৰাঞ্জল দাসে । আলফাৰ লিংকমেন প্ৰাঞ্জলে পলায়নৰ চেষ্টা কৰোতেই আৰক্ষীয়ে ভৰিত গুলীয়াইছিল ।

লগতে পঢ়ক : বাইহাটা চাৰিআলিৰ শালমাৰাত এনকাউন্টাৰৰ ঘটনা, আৰক্ষীৰ গুলীত ধৰাশায়ী সন্দেহজনক আলফাৰ লিংকমেন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.