Assam in Tezpur: মুখ্যমন্ত্ৰীয়ে যুৱকক সুধিলে কিমান খালি ? যুৱকৰ উত্তৰ এক কোৱাৰ্টাৰ ! - তেজপুৰৰ বায়ুসেনা ঘাটি

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 8, 2023, 4:59 PM IST

তেজপুৰ, ৮ এপ্ৰিল : তেজপুৰৰ বায়ুসেনা ঘাটিত শনিবাৰে ৰাষ্ট্ৰপতি দ্ৰুপদী মূৰ্মুক বিদায় দি তেজপুৰ চহৰৰ হৰিজন কলনিত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (President Draupadi in Assam) ৷ তেজপুৰৰ হৰিজন কলনিত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে হৰিজনসকলৰ অভাৱ, অভিযোগৰ বুজ লয় (Assam CM visits Tezpur) ৷ হৰিজন সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক দিশৰ লগতে আনুসাংগিক দিশসমূহৰো বুজ লয় মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

ইফালে হৰিজন কলনি পৰিদৰ্শন কালত মুখ্যমন্ত্ৰীগৰাকীৰ কাষত উপস্থিত হয় এগৰাকী সুৰাসক্ত যুৱক ৷ নিচাগ্ৰস্ত যুৱকজনৰ সৈতে স্বভাৱ সুলভ ৰসিকতাৰে বাৰ্তালাপ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ যুৱকজনৰ প্ৰতি মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ প্ৰশ্ন, ‘‘তই দিনতে খালি ? ভালে কৰিলি দে ৷ কিমান খালি ?’’ মুখ্যমন্ত্ৰীৰ প্ৰশ্নোত্ততৰত যুৱকজনেও দিলে উত্তৰ, ‘‘এক কোৱাটাৰ’’ ৷

আনহাতে, যুৱকজনৰ মাতৃকো প্ৰশ্ন কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে, ‘‘ই ভাত খোৱাৰ পাচত খাইনে খোৱাৰ আগত খায় ?’’ এইদৰে হৰিজনসকলৰ লগত বহু কথা-বতৰাৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে হৰিজনসকলৰ বাসগৃহৰ বাবে স্থায়ী মাটি প্ৰদানৰ আশ্বাস প্ৰদান কৰে ৷

লগতে পঢ়ক : Draupadi Murmu Assam visit: তেজপুৰৰ বায়ুসেনাৰ ঘাটিৰ পৰা চুখয়েৰে ৰাষ্ট্ৰপতিৰ উৰণ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.