Assam CM Visit Gavi Math : কৰ্ণাটকৰ বিখ্যাত গাভি মঠ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ - Assam CM Visit Gavi Math

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 13, 2023, 9:17 PM IST

নিউজ ডেস্ক, ১৩ মাৰ্চ : ৰাষ্ট্ৰীয় স্তৰত বিজেপিৰ অন্যতম প্ৰচাৰক হিচাপে প্ৰতিষ্ঠিত হৈ উঠিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Assam CM Himant Biswa Sarma) । সেয়ে দেশৰ বিভিন্ন বিধানসভা নিৰ্বাচনত এতিয়া বিজেপিৰ ষ্টাৰ কেম্পেইনাৰৰ ৰূপত অৱতীৰ্ণ হৈ আহিছে হিমন্ত বিশ্ব শৰ্মা । শেহতীয়াভাৱে উত্তৰ-পূবৰ তিনি ৰাজ্যত বিজেপিয়ে শাসন ক্ষমতা দখলৰ পিছত এইবাৰ গেৰুৱা বাহিনীৰ চকু দাক্ষিণাত্যত ।

সেই উদ্দেশ্যেই বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত কৰ্ণাটকত বিজেপিৰ বিজয় সংকল্প যাত্ৰা অভিযানত (BJPs Vijaya Sankalpa Yatra campaign) অংশগ্ৰহণ কৰিবলৈ ৰাজ্যখনত উপস্থিত হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । উক্ত সংকল্প যাত্ৰাৰ সময়তে সোমবাৰে ৰাজ্যখনৰ কপ্পালৰ বিখ্যাত গাভি মঠ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Assam CM Visits Gavi Math in Koppal) ।

সোমবাৰে পুৱা ৯.৩০ বজাত কপ্পালত উপস্থিত হয় হিমন্ত বিশ্ব শৰ্মা । তাত তেওঁ গাভি মঠ পৰিদৰ্শন কৰাৰ লগতে আৰু গাভিসিদ্ধেশ্বৰ স্বামীজীৰ পৰা আশীৰ্বাদো গ্ৰহণ কৰে ।

উল্লেখ্য, এদিনীয়া ভ্ৰমণসূচীৰে কৰ্ণাটকত গৈ উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । ৰাজ্যখনৰ কপ্পাল জিলাত অনুষ্ঠিত বিজেপিৰ বিজয় সংকল্প যাত্ৰাত তেওঁ অংশগ্ৰহণ কৰে (BJP Vijaya Sankalpa Yatra in Karnataka) । আনহাতে, তেওঁ গংগাৱতীত অনুষ্ঠিত এখন মুকলি সভাতো বক্তব্য ৰাখি কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে (Himanta Biswa Sarma slammed congress) ।

উক্ত সভাত কপ্পাল জিলাৰ ভাৰপ্ৰাপ্ত মন্ত্ৰী আনন্দ সিং, সাংসদ কাৰ্দি চাংনা, এমএলচি হেমলতা নায়েক আৰু আন বহুতো লোক উপস্থিত থাকে ।

লগতে পঢ়ক :Barbarism of Jorhat Police: মন্দিৰৰ ভিতৰলৈ জোতা পৰিধান কৰি গৈ নিৰীহক প্ৰহাৰ যোৰহাট আৰক্ষীৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.