Assam CM in Kamakhya Temple : আশীৰ্বাদ বিচাৰি শক্তিপীঠ কামাখ্যাত মুখ্যমন্ত্ৰী - মহা অম্বুবাচীৰ নিবৃত্তি

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 28, 2023, 10:31 AM IST

গুৱাহাটী, 28 জুন: শক্তিপীঠত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । মা কামাখ্যাৰ আশীৰ্বাদ ল’বলৈ পুৱাই শক্তিপীঠত উপস্থিত হ’ল ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা । অম্বুবাচীৰ পিছত প্ৰথমবাৰলৈ মন্দিৰত প্ৰৱেশ কৰি 'মা'ৰ চৰণত আশীৰ্বাদ গ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । আশীৰ্বাদ গ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, প্ৰত্যেকবাৰেই মহা অম্বুবাচীৰ নিবৃত্তিৰ পিছত মাৰ ওচৰলৈ আহো । মাৰ চৰণত প্ৰাৰ্থনা জনাওঁ । এইবাৰো অম্বুবাচীৰ নিবৃত্তিৰ পিছত মা কামাখ্যাৰ শ্ৰী চৰণত সকলোৰে মংগল কামনা কৰিলো ।' 

এইবাৰ অম্বুবাচী মেলা জিলা প্ৰশাসন, চৰকাৰ আৰু কামাখ্যা মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত সুন্দৰভাৱে পৰিচালিত হয় বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে । লাখ লাখ ভক্ত সমাগম হোৱাৰ পিছতো মন্দিৰ চৌহদ পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ আছে বুলি উল্লেখ কৰি প্ৰশাসন, মন্দিৰ পৰিচালনা সমিতি আৰু দলৈ সমাজক ধন্যবাদ জনায় । উল্লেখ্য যে, 22 জুনৰ পৰা 26 জুনলৈ 5 দিনীয়া কাৰ্যসূচীৰে শক্তিপীঠ কামাখ্যাত অনুষ্ঠিত হৈছিল অম্বুবাচী মেলা, য’ত দেশ-বিদেশৰ লাখ লাখ ভক্তৰ সমাগম হৈছিল । 

লগতে পঢ়ক: Scam in PDS : 1800 কুইন্টল সুলভ মূল্যৰ চাউল হৰলুকিৰ অভিযোগ; প্ৰশাসনে ছীল কৰিলে গুদাম

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.